অসম লাইভ ২৪, ৰূপহীহাটঃ পুনৰ যৌতুকজনিত হিংসাত্মক ঘটনা সংঘটিত হ’ল ৰাজ্যত। ৰূপহীহাটৰ জুৰীয়াত যৌতুকৰ বাবেই পত্নীক কেৰাচিন ঢালি জ্বলাই দিলে স্বামীসহ পৰিয়ালৰ লোকে । জুৰীয়াৰ নগাবন্ধাত সংঘটিত হৈছে এই ঘটনা । পিতৃগৃহৰ পৰা স্বামীৰ পৰিয়ালে দাবী কৰা ধন আনিবলৈ অমান্তি হোৱাৰ বাবেই পত্নীক কেৰাচিন ঢালি জ্বলাই হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে। তিনি বছৰৰ পূৰ্বে শিঙাৰীগাঁৱৰ মহিলাগৰাকী বিবাহপাশত আবদ্ধ হৈছিল নগাবন্ধা গাঁৱৰ আতাবুৰ ৰহমানৰ লগত। বিবাহৰ পিছৰ পৰাই স্বামীৰ পৰিয়ালে যৌতুক বিচাৰি অকথ্য নিৰ্যাতন চলাইছিল মহিলাগৰাকীক। স্বামী পৰিয়ালে দাবী কৰা ধন আনিবলৈ অমান্তি হৈছিল মহিলাগৰাকী। তাৰেই পৰিণতিত স্বামী, শাহুৱেক আৰু দেওৰেকে মিলি কেৰাচিন ঢালি জ্বলাই দিয়ে মহিলাগৰাকীক। দেহৰ ৮০ শতাংশ অগ্নিদগ্ধ হোৱা মহিলাগৰাকীয়ে বৰ্তমান জি এম চি এইচত মৃত্যুৰ সৈতে যুঁজি আছে। অগ্নিদগ্ধ মহিলাগৰাকীৰ পৰিয়ালে ঘটনা সংক্ৰান্তত স্বামী, শাহুসহ মুঠ ৫ জনৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী থানাত গোচৰ তৰে। আৰক্ষীয়ে ইতিমধ্যে মহিলাগৰাকীৰ স্বামী আতাবুৰক কৰায়ত্ত কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ