বলিউদৰ জনপ্ৰিয় অভিনেতা ছলমান খান আৰু তেওঁৰ পিতৃলৈ হত্যাৰ ভাবুকিৰে পত্ৰ প্ৰেৰণক কেন্দ্ৰ কৰি চলি থকা তদন্তৰ মাজতে অভিনেতাজনৰ হত্যাৰ এক পৰিকল্পনা ফাদিল হৈছে৷
সংবাদ মাধ্যমত প্ৰকাশিত খবৰৰ মতে অভিনেতাগৰাকীৰ ঘৰৰ ওচৰত এজন শ্বাৰ্পশ্বুটাৰ ৰখা হৈছিল যিগৰাকীক ছলমান খানক হত্যাৰ দায়িত্ব হৈছিল বুলি কোৱা হৈছে৷ টাইমছ নাওৰ এক প্ৰতিবেদনত আৰু কোৱা হৈছে যে শ্বাৰ্পশ্বুটাৰজনক গেংষ্টাৰ লৰেন্স বিষ্ণ’ইয়ে প্ৰেৰণ কৰিছিল।
প্ৰতিবেদন অনুসৰি, লোকজনে এটা মডিফাইড হকী ষ্টিকত এটা স্মল-ব’ৰ অস্ত্ৰ লৈ আছিল।
লগতে পঢ়ক কাজিৰঙাত গাড়ী চলাওঁতে হওক সাৱধান, নহ’লে ভৰিব লাগিব ৫ হাজাৰ জৰিমনা
ফিল্মফেয়াৰত প্ৰকাশিত আন এক প্ৰতিবেদন অনুসৰি বিষ্ণয়ৰ গেঙৰ সদস্যসকলে অভিনেতাজনৰ দৈনন্দিন কাম-কাজ নিৰীক্ষণ কৰি আহিছে। নিৰীক্ষণত তেওঁলোকে জানিব পাৰিছে যে ছলমান খানে চাইকেল চলাবলৈ যোৱাৰ সময়ত নিৰাপত্তাৰক্ষীক লগত লৈ নাযায়৷
ইফালে, মুম্বাই আৰক্ষীয়ে অভিনেতাগৰাকী আৰু পিতৃ চেলিম খানক হত্যাৰ ভাবুকিৰে পত্ৰ প্ৰেৰণ কৰাৰ সৈতে জড়িত লোকসকলক চিনাক্ত কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ