অসম লাইভ ২৪ঃ চীনৰ Bimingham বিশ্ব বিদ্যালয়ৰ palaeontologist বিভাগে দক্ষিণ চীনৰ ভূ-গৰ্ভৰ পৰা উদ্ধাৰ কৰিলে এটা বিশেষ কণী। বৃহৎ আকাৰৰ এই কণীটো পৰীক্ষা কৰাৰ অন্তত তথ্য উদ্ধাৰ হ’ল যে, এই কণীৰ ভিতৰত সেই সময়তে মৃত কিন্তু অক্ষত অৱস্থাত আছিল এটি ডাইনছৰ পোৱালী।
আৰু কণী উদ্ধাৰৰ পাছতে চীনৰ লগতে সমগ্ৰ বিশ্বৰ জীৱ বিজ্ঞানীসকলৰ মাজত উদ্ভৱ হৈছিল বিস্ময়। পিছত পৰীক্ষা কৰি জানিব পৰা গ’ল যে এই কণীৰ বয়স প্ৰায় ৭০ মিলিয়ন বৰ্ষৰ পুৰণি। এই বিশেষ কণীটোক উদ্ধাৰ কৰা হৈছিল দক্ষিণ চীনৰ ভূগৰ্ভৰ ” Hekou Formation ” শিলৰ তলত। যি শিল আছিল চীনৰ উদ্যোগীক ভূমি Ganzhou City ৰ jiangxi province ত।
আৰু লগে লগে এই কণী সংৰক্ষণৰ চিন্তা-চৰ্চা আৰাম্ভ কৰিলে চীনে। আৰু সেই মতে ভিতৰৰ পোৱালীৰ সৈতে এই কণীক সংক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে চীনে। কণীৰ সৈতে উদ্ধাৰ হোৱা পোৱালী ডাইনছৰক বিজ্ঞানীয়ে নাম দিছে ” baby Yingliang”।
লগতে জীৱ বিজ্ঞানী সকলে ইয়াকো স্পষ্ট কৰিছে যে আজিলৈ ডাইনছৰৰ যিমানবোৰ কণী বা জীৱাষ্ম বৰ্তমান সময়লৈ উদ্ধাৰ কৰা হৈছে এই সকলোবোৰৰ ভিতৰতে কণীৰ ভিতৰত থকা এই পোৱালী ডাইনছৰেই হৈছে সকলোতকৈ সুৰক্ষিত অৱস্থাত উদ্ধাৰ কৰা কণী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ