বাস্তুশাস্ত্ৰমতে এই অভ্যাসেই আপোনাৰ জীৱনলৈ মাতি আনিব পাৰে ডাঙৰ দুৰ্ভোগ৷ বাধা আহিব পাৰে উন্নতিৰ পথত৷ অশুভ শক্তিৰ প্ৰভাৱত নষ্ট হ’ব পাৰে ব্যক্তিগত জীৱন৷ চিকাৰ হ’ব পাৰে আৰ্থিক অনাটনৰ৷ সেয়ে কিছু সামগ্ৰী কেতিয়াও অন্যৰ পৰা লোৱা উচিত নহয়৷
কি কি কামৰ পৰা বিৰত থাকিবলৈ কৈছে বাস্তুশাস্ত্ৰই?
অন্যৰ ঘড়ী
ঘড়ী পিন্ধাটো বহুতৰেই চখ৷ কোনো কোনেৱে স্বভাগবশত অন্যৰ ঘড়ী পিন্ধি ভালপায়৷ বাস্তুমতে এই কাম অত্যন্ত অশুভ৷ ঘড়ী তাৰ মালিকৰ সময় আৰু ভাগ্যৰ প্ৰতীক৷ অন্যৰ ঘড়ী পিন্ধিলে সেয়ে গ্ৰহদশা, সময়, নক্ষত্ৰৰ অৱস্থানে আপোনাৰ জীৱনক প্ৰভাৱিত কৰে৷ যিয়ে আপোনাৰ দুৰ্ভাগ্যৰ কাৰণ হৈ উঠিব পাৰে৷
আঙঠি
ধৰক কোনো অনুষ্ঠানলৈ গৈছে৷ কাৰোবাৰ পৰা আঙঠি ধাৰ কৰি পিন্ধিছে৷ বাস্তুশাস্ত্ৰই কৈছে ইয়াৰ ফলত আপোনাৰ ভাগ্যত কুপ্ৰভাৱ পৰিব পাৰে৷ ব্যক্তিৰ শক্তি আৰু গ্ৰহৰ অৱস্থানৰ সৈতে জড়িত হৈ থাকে আঙঠি৷ অন্যই পিন্ধা আঙঠি পিন্ধিলে সেই শক্তিয়ে আপোনাৰ জীৱনত প্ৰভাৱ পেলায়৷ যি কালক্ৰমত আপোনাৰ সৌভাগ্য আৰু সাফল্যৰ পথত বাধা হৈ ঠিয় দিব পাৰে৷
অন্যৰ পোছাক
সকলোতকৈ বেছি আমি ব্যৱহাৰ কৰা সামগ্ৰীবিধেই হৈছে অন্যৰ পোছাক৷ বন্ধু বান্ধৱ, ককায়েক ভায়েক ইত্যাদি সম্পৰ্কত আমি কাপোৰ সলনা সলনিকৈ পিন্ধো৷ পোছাকৰ মাজত এজন ব্যক্তিৰ শক্তি আৰু আভা থাকে৷ সেয়ে সেই ব্যক্তিৰ জীৱনৰ বেয়া এনাৰ্জিয়ে প্ৰভাৱিত কৰিব পাৰে আপোনাক৷ বিশেষকৈ অন্যৰ কাপোৰ ভুলতো পৰিধান কৰিব নালাগে৷
অন্যৰ বিছনাত শোৱা
কাৰোবাৰ ঘৰলৈ অতিথি হৈ গলে অন্যৰ বিচনাত শোৱা হয়৷ বাস্তুশাস্ত্ৰই কৈছে এই অভ্যাস বিপজ্জনক৷ প্ৰত্যেকৰে বিচনা আৰু তেওঁলোকে শোৱা বিচনা চাদৰত ব্যক্তিৰ এনাৰ্জি সম্পৰ্কিত হৈ থাকে৷ অন্যৰ বিচনা ব্যৱহাৰ কৰিলেও বিচনা চাদৰ ব্যৱহাৰ নকৰাটোৱেই শ্ৰেয়৷ মানসিক চাপ আৰু উদ্বেগ বঢ়াৰ ইয়ো অন্যতম কাৰণ হব পাৰে৷
কলম
অন্যৰ কলম ব্যৱহাৰ কৰাৰ দৰে সাধাৰণ ঘটনা হয়তো একো নাই৷ ৰাস্তাই ঘাটে, বেংকত, অফিচত নিজৰ পকেটত কলম নাথাকিলে আমি অন্যৰ কলম ব্যৱহাৰ কৰো৷ বাস্তুশাস্ত্ৰই কৈছে ইয়াৰ ফলত আপোনাৰ কেৰিয়াৰ আৰু পঢ়াশুনাৰ ক্ষেত্ৰত ডাঙৰ বাধা আহিব পাৰে৷ জ্ঞান, সাফল্য আৰু লেখাপঢ়াৰ প্ৰতীক কলম৷ অন্যৰ কলম ব্যৱহাৰে আপোনাৰ শক্তিক প্ৰভাৱিত কৰিব পাৰে৷ সাফল্যৰ পথত বাধাও বাঢ়িব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















