অসম লাইভ ২৪ঃ ভাৰত-চীন সংঘাতৰ প্ৰভাৱ বিয়পিল খেলজগতলৈ। দেশত চীনা সামগ্ৰী বৰ্জনৰ ঢৌ অব্যাহত থকাৰ সময়তে BCCI-য়ে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আজি এক জাননীযোগে IPLৰ স্পন্সৰশ্বিপৰ পৰা চীনা কোম্পানী ভিভ’ক আঁতৰালে BCCI-য়ে। জাননীখনত মাত্ৰ এটা বাক্য লিখিয়েই চীনা কোম্পানীটোক স্পন্সৰশ্বিপৰ পৰা বৰ্খাস্ত কৰে BCCI-য়ে। বৰ্খাস্তকৰণৰ কাৰণ সন্দৰ্ভত কোম্পানীটোক কোনো ব্যাখ্যা আগবঢ়োৱা নাই BCCI-য়ে। উল্লেখ্য, ২০২২ চনপৰ্যন্ত IPLৰ স্পন্সৰৰ চুক্তি স্বাক্ষৰিত হৈ আছিল ভিভ’ৰ সৈতে। প্ৰতিবছৰে ইয়াৰ দ্বাৰা প্ৰায় ৪৪০ কোটি টকা লাভ কৰিছিল ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ