অসম লাইভ ২৪ঃ সম্প্ৰতি ১ লাখ টকা দি মুক্তি পালে ৰিয়া চক্ৰৱর্তীয়ে। কিন্তু ভাতৃ সৌভিক চক্ৰৱর্তী এতিয়াও জে’লত বন্দী। বিশেষ সূত্ৰৰ খবৰ অনুসৰি প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ প্ৰেয়সী আৰু বলিউডৰ ড্ৰাগছ চক্ৰৰ মূল কাণ্ডাৰী ৰিয়া চক্ৰৱর্তী অতি শীঘ্ৰে আহিব বিগবছ হাউছলৈ। উল্লেখযোগ্য যে সকলো জল্পনা-কল্পনাৰ অৱসান পেলাই কালার্ছত আৰম্ভ হৈছে চলমান খান সঞ্চালিত বিগবছ ছিজন-১৪। আৰু এতিয়া সেই বিগবছত পদার্পণ কৰিবলৈ প্ৰস্তুতি চলাইছে ৰিয়া চক্ৰৱর্তীয়ে। এই খবৰে আনন্দিত কৰি তুলিছে ৰিয়া চক্ৰৱর্তীৰ পৰিয়ালৰ লোকসকলক। চলিত বছৰত বিগবছৰ বিভিন্ন নিয়ম সলনি কৰা হৈছে। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছত বলিউডৰ বহু পৰিচালক আৰু অভিনেতা সমালোচনাৰ সন্মুখীন হৈছিল। কিন্তু সময় যোৱাৰ লগে লগে সকলোবোৰ স্বাভাৱিক হৈ আহিছে। চিকিৎসকে সুশান্তৰ মৃত্যু হত্যা নহয়, আত্মহত্যা বুলি কোৱাৰ পাছত লাহে লাহে স্বাভাৱিক হৈছে বলিউড জগতৰ ভিতৰৰ পৰিস্থিতি। আৰু এতিয়া ৰিয়া চক্ৰৱর্তী বিগবছত প্ৰৱেশ কৰিলে চলিত বছৰত বিগবছৰ TRPয়ে যে আকাশ চুব, সেয়া নিশ্চিত। বিগবছৰ মঞ্চত ৰিয়া চক্ৰৱর্তীয়ে হয়তো বোমা ফুটাব পাৰে, সেয়াই ধাৰণা কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ