অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পাছতেই পোহৰলৈ আহিছে এগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ চৰম হতাশাৰ কথা। ভাৰতীয় ক্ৰিকেট দলৰ নিৰ্ভৰযোগ্য খেলুৱৈ মহম্মদ ছামীয়ে এটা সময়ত আত্মহননৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। যেতিয়া ছামীৰ বিৰুদ্ধে পত্নীয়ে ভয়ংকৰ অভিযোগ উত্থাপন কৰি গোচৰ তৰিছিল। গাৰ্হস্থ্য হিংসাত অভিযুক্ত হৈ নাকনি-কাননি খাইছিল ফাষ্ট বলাৰগৰাকীয়ে। এই সময়ছোৱাত হতাশাই বেৰি ধৰিছিল মহম্মদ ছামীক। আত্মহত্যাৰ চিন্তাই মূৰত বাহ লৈছিল নৱ উত্থিত তাৰকাগৰাকীৰ। ৰাষ্ট্ৰীয় স্তৰৰ সংবাদমাধ্যমৰে হোৱা এক সাক্ষাত্কাৰত ছামীয়ে অতীত ৰোমন্থন কৰি কয়- “সেই সময়ত অৱসাদে মোক বেৰি ধৰিছিল। মাজে মাজে মনলৈ নিজকে নিঃশেষ কৰাৰ ভাব আহিছিল। কিন্তু পৰিয়াল আৰু বন্ধু বৰ্গই মোক সংগ দিছিল আৰু খেলপথাৰলৈ উভতি আহিবলৈ উত্সাহিত কৰিছিল। আজি মই সুখী। সেই কঠিন সময় অতিক্ৰমি সঁচাকৈয়ে সুখী।” উল্লেখ্য যে পাৰিবাৰিক সমস্যাৰে জৰ্জৰিত হোৱাৰ পাছতো সফলভাৱেই খেলপথাৰলৈ Come back কৰিছিল ইণ্ডিয়ান পেছাৰ গৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ