ডিজিটেল ডেস্কঃ ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়াত ব্যৱহাৰ হোৱা ই ভি এম মেচিন মেনেজ কৰিব পাৰি নেকি! কোনে দলে বিচাৰিলেই ই ভি এম মেচিন ব্যৱহাৰ কৰি জনতাৰ ভোট তেওঁলোকৰ পক্ষলৈ আনিব পাৰে নেকি! এনে বহু প্ৰশ্নৰ উত্তৰ পুনৰ এবাৰ স্পষ্টকৈ দিলে ভাৰতীয় নিৰ্বাচনী আয়োগে।
EVMৰ সন্দৰ্ভত কিছু বিসংগতি থকা বুলি নিৰ্বাচনী আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছিল কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে। এই পত্ৰখনৰ উত্তৰ দি নিৰ্বাচনী আয়োগে কয় যে, ই ভি এম আৰু VVPAT ৰ বিষয়টোক লৈ ইতিমধ্যে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰিছে। ইয়াত নতুনকৈ কোনো কথা যোগ কৰিব লগা নাই।’
বিষয়টোৰ সন্দৰ্ভত নিৰ্বাচনী আয়োগে লগতে কয় যে, ই ভি এম আৰু VVPATৰ প্ৰক্ৰিয়াত কোনো বিসংগতি নাই। এই প্ৰক্ৰিয়াত কোনোৱেই সন্দেহ কৰিব লগা অৱকাশেই নাই। আমি বাৰে বাৰে এই কথা কোৱাৰ উপৰিও উচ্চতম ন্যায়ালয়ৰ পৰা আদি কৰি দেশৰ বহু ন্যায়ালয়ে একেটা কথাকেই বাৰে বাৰে কৈ আছে।
নিৰ্বাচনী আয়োগে লগতে কয়- ই ভি এম আৰু VVPAT প্ৰক্ৰিয়াৰ বিসংগতি থকা বুলি দিল্লী উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত বহুকেইজনে আবেদন দাখিল কৰিছিল। এই আবেদন আদালতে খাৰিজ কৰাৰ লগতে আবেদনকাৰীক ১০হাজাৰ টকাকৈ জৰিমণাও বিহিছিল।
উল্লেখ কৰা প্ৰয়োজন যে, ই ভি এমৰ বিসংগতি থকা বুলি উল্লেখ কৰি বিৰোধী মিত্ৰজোঁটৰ হৈ জয়ৰাম ৰমেশে এই পত্ৰখন প্ৰেৰণ কৰিছিল। এই সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰি নিৰ্বাচনী আয়ুক্তৰ সৈতে আলোচনাৰ বাবে সময়ো বিচাৰিছিল। কিন্তু নিৰ্বাচনী আয়োগে এই পত্ৰৰ উত্তৰ পত্ৰৰ জৰিয়তেই প্ৰদান কৰিলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ