ৰামভক্ত হনুমান হৈছে পুৰাণ বৰ্ণিত অষ্ট চিৰঞ্জীৱীৰ অন্যতম৷ হনুমানৰ কৃপা লাভ কৰিলে জীৱনত সকলো সুখ, শান্তি আৰু সাফল্য পোৱা যায়৷ আপোনাৰ ওপৰত যদি বজৰংবলীৰ আশীৰ্বাদ থাকে, তেন্তে কোনো বিপদলৈ ভয় নকৰিব৷ হনুমানৰ আশীৰ্বাদ থাকিলে জীৱনত কিছু কিছু ঘটনাৰ ইংগিত পোৱা যায়৷ জানি থওক কি কি ঘটনা ঘটিলে বুজিব যে বজৰংবলীৰ আশীৰ্বাদ আপোনাৰ ওপৰত আছে?
ভয়ৰ পৰা মুক্তি
বজৰংবলীয়ে আমাৰ মনত সাহস জোগাই৷ মনৰ দুৰ্বলতা আৰু ভয় দূৰ কৰাত সহায় কৰে বজৰংবলীয়ে৷ যাৰ ওপৰত বজৰংবলীৰ আশীৰ্বাদ আছে, তেওঁলোকক ভয় আৰু মানসিক দুৰ্বলতাই স্পৰ্শ কৰিব নোৱাৰে৷ আপুনি যেতিয়া নিজৰ মনৰ ভয় দূৰ কৰি আত্মবিশ্বাসেৰে তুংগত থাকিব তেতিয়াই বুজিব হনুমানৰ কৃপা আপোনাৰ ওপৰত আছে৷ মানসিক উদ্বেগ, ভীতি আৰু অনিশ্চয়তা দূৰ কৰি ঠিয় হৈ থকাত সহায় কৰে বজৰংবলীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ