শৰীৰত যিকোনো ৰোগ জটিল পৰ্যায়ত যোৱাৰ পূৰ্বে বিভিন্ন আভাস পোৱা যায়৷ যি সঠিক সময়ত চিহ্নিত কৰিলে সুস্থ হৈ উঠাৰ সম্ভাৱনা বাঢ়ে৷ ঠিক যেনেকৈ শীতৰ সময়ত হাত ভৰি ঠাণ্ডা হোৱাটো স্বাভাৱিক৷ কিন্তু যদি গৰমৰ দিনটো নিয়মিত হাত-ভৰি ঠাণ্ডা থাকে তেতিয়া শৰীৰৰ ৰক্তসঞ্চালৰ দুৰ্বল হোৱাৰ এক সতৰ্ক সংকেত হ’ব পাৰে৷ বিশেষজ্ঞই কৈছে ই হৃদৰোগ, ৰক্তাল্পতা, থাইৰয়েডৰ সমস্যা কিংবা ডায়বেটিছৰ দৰে জটিল ৰোগৰ ইংগিত দিব পাৰে৷
কিয় হাত-ভৰি ঠাণ্ডা হয়?
শৰীৰৰ ৰক্ত চলাচল যদি দুৰ্বল হৈ যায়, তেতিয়া তেজ অংগপ্ৰত্যঙ্গলৈ পৰ্যাপ্তভাৱে নাপায়গৈ৷ ইয়াৰ ফলত হাত আৰু ভৰিৰ দৰে অংগপ্ৰত্যংগসমূহত ৰক্তৰ প্ৰবাহ কমি যায় আৰু ঠাণ্ডা হ’বলৈ ধৰে৷ বিশেষজ্ঞৰ মতে কেইবাটাও সাধাৰণ কাৰণ হৈছে-
দুৰ্বল ৰক্তসঞ্চালন ব্যৱস্থা
হৃদযন্ত্ৰ দুৰ্বল হ’লে তেজ শৰীৰৰ দূৰবৰ্তী অংশত সহজে উপস্থিত হ’ব নোৱাৰে৷
ৰক্তাল্পতা
শৰীৰত আয়ৰণৰ অভাৱত ৰক্ত অক্সিজেনৰ ঘাটিয়ে দেখা দিয়ে, যাৰ ফলত হাত ভৰি ঠাণ্ডা হৈ যায়৷
থাইৰয়েড হৰমনৰ ভাৰসাম্যহীনতা
হাইপোথাইৰয়েডিজমে শৰীৰৰ বিপাকীয় গতি কমি যায় ফলত শৰীৰৰ উষ্ণতা নামিব ধৰে৷
ডায়বেটিছ
ৰক্তনলী ক্ষতিগ্ৰস্থ হ’লে ৰক্ত চলাচল ব্যাহত হয়৷
মানসিক চাপ বা উদ্বেগ
ষ্ট্ৰেচৰ সময়ত শৰীৰৰ ৰক্তনলী সংকুচিত হয়, ফলত হাত ভৰি ঠাণ্ডা হৈ পৰে৷
অন্যান্য উপসৰ্গ
হাত ভৰি ঠাণ্ডা থকাৰ ওপৰিও কিছু লক্ষণে দেখা দিব পাৰে যেনে- আঙুলিৰ ৰং শেঁতা পৰা বা নীলা হৈ যোৱা৷
ছাল শুষ্ক হোৱা৷
ক্লান্তি বা মূৰৰ ঘূৰণি৷
ভৰিৰ বিষ বা ক্ৰেম্প৷
প্ৰাকৃতিক উপায়েৰে সমাধান
বিশেষজ্ঞৰ মতে কিছু সহজ জীৱনযাপনৰ পৰিবৰ্তনে ৰক্তসঞ্চালন স্বাভাৱিক কৰাত সহায় কৰে৷ যেনে-
১. নিয়মিত শৰীৰচৰ্চা কৰক৷ খোজ কঢ়া, যোগব্যায়াম বা পাতল ব্যায়ামে ৰক্তপ্ৰবাহ বঢ়াই৷
২. গৰম পানী পান কৰক৷ ঠাণ্ডা পানীৰ সলনি পাতল গৰম পানীয়ে ৰক্তৰ চলাচল সুচল কৰে৷
৩. মাছাজ বা গৰম সেঁক লওক৷ ই ৰক্ত চলাচল দ্ৰুত কৰে আৰু হাত-ভৰিৰ উষ্ণতা বঢ়ায়৷
৪. আয়ৰণ আৰু ভিটামিন বি ১২ সমৃদ্ধ খাদ্য যেনে কণী, মাছ, দাইল, পালেং শাক খাওক৷
৫. ধূমপান আৰু অতিৰিক্ত কেফেইন এৰাই চলক, কাৰণ এইসমূহে ৰক্তনলী সংকুচিত কৰে৷
৬. ষ্ট্ৰেছ কমাওক আৰু পৰ্যাপ্ত পৰিমানে শুৱক৷ মানসিক শান্তি ৰক্তসঞ্চালনে ডাঙৰ ভূমিকা পালন কৰে৷ কেতিয়াবা চিকিৎসকৰ পৰামৰ্শ ল’ব৷ যদি নিয়মিত হাত ভৰি ঠাণ্ডা থাকে, ঝিনঝিননি ভাৱ বা ছালৰ ৰং পৰিবৰ্তন হয়, তেতিয়া অৱশ্যেই চিকিৎসকৰ পৰামৰ্শ লওক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















