বলীউডেই হওক বা নেটদুনীয়া৷ সকলোতে এতিয়া মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ বিয়াক লৈ চলিছে চৰ্চা৷ বিয়াৰ তাৰিখ ১২ জুলাই হ’লেও প্ৰাক-বিবাহ অনুষ্ঠান আৰম্ভ হৈছে মাৰ্চ মাহৰ পৰাই৷ গুজৰাটৰ জামেনগৰত ধুমধামেৰে আয়োজন কৰা হৈছিল প্ৰথমটো প্ৰাক বিবাহৰ অনুষ্ঠান৷ তিনি দিন ধৰি চলা অনুষ্ঠানত ব্যয় হৈছিল কেইবাকোটি টকা৷ তাৰপিছতেই দ্বিতীয় প্ৰাক বিবাহৰ অনুষ্ঠান আয়োজন কৰা হৈছিল ইটালিৰ বিলাসবহুল ক্ৰুজত৷ বিয়াৰ সমস্ত অনুষ্ঠান আৰম্ভ হৈছে বিগত সপ্তাহৰ পৰা৷ সংগীতৰ অনুষ্ঠানৰ ছবি ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই এইবাৰ ভাইৰেল হৈছে হালধি অনুষ্ঠানৰ ছবি, ভিডিঅ’৷ ৰাধিকাই পৰিধান কৰা পোছাকে এইবাৰ দৃষ্টি কাঢ়িছে নেটদুনীয়াত৷
ৰাধিকাই পৰিধান কৰা পোছাক দেখি আগ্ৰহ বাঢ়িছে ফেশ্বনপ্ৰেমীৰ৷ বহুতেই ৰাধিকাৰ পোছাক কোনে ডিজাইন কৰিছে? এই পোছাকৰ দাম কিমান সেয়া জানিবলৈ আগ্ৰহী হৈ উঠিছে৷ ৰাধিকাই হালধি অনুষ্ঠানত পৰিধান কৰা বিশেষ দুপাত্তাখন ফ্ৰেছ ফুলেৰে তৈয়াৰ কৰা৷ পোছাকশিল্পী অনামিকা খান্নাই হালধিত পিন্ধা লেহেংগাৰ ডিজাইন তৈয়াৰ কৰিছে৷ ৰাধিকাৰ লেহেংগাৰ সকলোতকৈ বেছি আকৰ্ষণীয় বিষয়টোৱেই আছিল তেওঁৰ দুপাত্তাখন৷ নাৰ্জি ফুলৰ বৰ্ডাৰ আৰু সৰু সৰু বগা ফুলেৰে কাম কৰা হৈছে বিশেষ দুপাত্তাখনত, ৰাধিকাৰ পোছাক তৈয়াৰৰ দায়িত্বত আছিল ষ্টাইলিছ ৰিয়া কাপূৰ৷ আৰু দুপাত্তাৰ কাম কৰিছে ড্ৰেপিং শিল্পী ডলি জৈন৷
পোছাকৰ সৈতে অলংকাৰতো পৰিধান কৰিছিল ফ্ৰেছ ফুল৷ মুঠতে সকলোতে ব্যতিক্ৰম দেখা গৈছে ৰাধিকাক৷ ৰাধিকাই অত্যধিক মেকআপ কাহানিও পছন্দ নকৰে৷ হালধীয়া লেহেংগাৰ সৈতে এইবাৰো পাতল মেকআপেই লৈছে তেওঁ৷ উইংগড আইলাইনাৰ, ছিমাৰিং আইছেড’, লিকুইড হাইলাইটাৰ, সৰু কলা টিপ আৰু পাতল গোলপীয়া ৰঙৰ লিপষ্টিক পৰিধান কৰিছে আম্বানীৰ হবলগীয়া বোৱাৰী ৰাধিকাই৷
এই দিনটোত নীতা আম্বানীৰ সাজক লৈয়ো চৰ্চা চলিছে৷ কিন্তু এইবাৰ তেওঁৰ হ’বলগীয়া বোৱাৰীয়েকক এইবাৰ নীতাতকৈ বেছি সুন্দৰী দেখা গৈছে বুলি প্ৰকাশ কৰিছে বেছিসংখ্যক নেটিজেনেই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ