জ্যোতিষ গণনা অনুসৰি মীন ৰাশিত শনিদেৱ পশ্চাদমুখী হৈছে৷ আগন্তুক ১৩ জুলাইৰ পৰা শনি বক্ৰী হব আৰু ২৮ নৱেম্বৰ ২০২৫ তাৰিখে আকৌ চিধা গতিত যাত্ৰা কৰিব৷ শনিৰ বক্ৰী দশাত কিছু ৰাশিৰ বাবে সমস্যা তৈয়াৰ হ’ব যদিও কিছু ৰাশিৰ বাবে উপকাৰো হব৷ শনি বক্ৰী হোৱাৰ কাৰণে, শনিৰ চাৰেসাতি আৰু ঢাইয়াৰ প্ৰভাৱত যিসকল ভূগিছে তেওঁলোকো উপকৃত হব৷
কোন কোন ৰাশিৰ জাতকে এই সুবিধা পাব?
শনিৰ বিপৰীতমূখী গতিৰ ফলত পাঁচ ৰাশিৰ জাতক জাতিকা উপকৃত হব৷ ইয়াৰ মাজত আছে মেষ, মিথুন, কৰ্কট, কুম্ভ আৰু মীন৷ ইয়াৰ পাছতেই নৱেম্বৰত যেতিয়া শনিয়ে চিধা গতিত আহিব তেতিয়াই এই ৰাশিচক্ৰৰ জাতকে আৰু সুবিধা পোৱাৰ সম্ভাৱনা আছে৷
মেষ ৰাশি
মেষ ৰাশিৰ জাতক জাতিকাসকলৰ যদি দীৰ্ঘদিন ধৰি কাৰোবাৰ সৈতে আইনী বা পাৰস্পৰিক বিৰোধ থাকে তেন্তে সেয়া শেষ হব৷
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতক জাতিকাৰ যিসকলে বেছ কিছুদিন ধৰি তেওঁলোকৰ কৰ্মজীৱন আৰু ব্যৱসায়ত ক্ষতিৰ সন্মুখীন হৈছে তেওঁলোকে এতিয়া লাভ পাব৷
কৰ্কট ৰাশি
এই সময়ত কৰ্কট ৰাশিৰ জাতক জাতিকা বিনিয়োগৰ পৰা লাভৱান হ’ব আৰু ভাল ৰিটাৰ্ণ পাব৷
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে কাৰোবাৰ পৰা আৰ্থিক সাহাৰ্য্য ল’ব পাৰে আৰু নেটৱৰ্কিঙৰ পৰা উপকৃত হব৷
মীন ৰাশি
মীন ৰাশিৰ জাতক জাতিকাসকলে সফলতা লাভ কৰিব৷ সাংসৰিক জীৱন সুখৰ হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ