অসম লাইভ ২৪ঃ আজিৰ পৰা আৰম্ভ UNLOCK 5.0। UNLOCK 5.0ক লৈ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে নিৰ্দেশনা। এই নতুন নির্দেশনাত ১৫ অক্টোবৰৰ পৰা চিনেমা হল খোলাৰ অনুমতি প্ৰদান। ৫০ শতাংশ আসনেৰে খোলা থাকিব চিনেমা হল। প্ৰশিক্ষণৰ বাবে ছুইমিং পুল খোলাৰো অনুমতি। ১৫ অক্টোবৰৰ পৰা খুলিব পাৰিব ছুইমিং পুলসমূহ। ইয়াৰোপৰি ১৫ অক্টোবৰৰ পৰা পাৰ্কসমূহ খোলাৰ ক্ষেত্ৰতো অনুমতি প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰে। সকলো সামাজিক অনুষ্ঠানত ১০০ জন লোকৰ সমাৱেশৰ অনুমতি। স্কুল, কলেজ আৰু কোচ্চিং ইনষ্টিটিউটসমূহৰ ক্ষেত্ৰতো নিৰ্দেশনা। স্কুল খোলাৰ ক্ষেত্ৰত ১৫ অক্টোবৰৰ পাছত ৰাজ্য চৰকাৰসমূহে ল’ব পাৰিব সিদ্ধান্ত। অভিভাৱকৰ অনুমতিতহে শিক্ষাৰ্থী যাব পাৰিব বিদ্যালয়লৈ। লকডাউনক লৈ পূৰ্বৰ নীতি বাহাল থাকিব। কেন্দ্ৰীয় চৰকাৰৰ বিনা অনুমতিত দিব নোৱাৰিব স্থানীয় লকডাউন। কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ৰাজ্য চৰকাৰে নিজে সিদ্ধান্ত ল’ব নোৱাৰিব। আন্তঃজিলা বা আন্তঃৰাজ্যিক চলাচলত কোনো বাধা নাই। কেন্দ্ৰৰ নতুন নির্দেশনা অনুসিৰ সকলোৱে মাস্ক আৰু সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক। অৱশ্যে কণ্টেইনমেণ্ট জ’নত বন্ধ থাকিব এইসমূহ সেৱা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ