• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

1 month ago
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

46 minutes ago
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

1 hour ago
কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

2 hours ago
পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

3 hours ago
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

4 hours ago
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

Post Office Scheme: ডাকঘৰৰ বাম্পাৰ আঁচনি, কেৱল সুতৰ পৰাই পাব ২ লাখ টকা!

4 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

5 hours ago
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

6 hours ago
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

7 hours ago
সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

7 hours ago
নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

7 hours ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

চাকৰিত যোগদান কৰিলে পাব ১৫ হাজাৰ টকা! এই আঁচনিৰ বিষয়ে জানেনে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

খন গ্ৰন্থৰ জৰিয়তে ভাৰতৰ প্ৰতি আকৰ্ষিত হৈছিল লুকা

editor by editor
July 11, 2026
in ক্ৰীড়া, বিনোদন, বিশ্ব, ভাৰত
0
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য
0
SHARES
152
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইউৰোপৰ দেশ শ্লোভেনিয়াৰ পেছাদাৰী ফুটবলাৰ লুকা মাজচেন ভাৰতীয় ফুটবলপ্ৰেমীৰ বাবে এক পৰিচিত নাম। তেওঁৰ দ্ৰুতগতি, গোল কৰাৰ দক্ষতা আৰু বিভিন্ন ভাৰতীয় ক্লাবৰ হৈ আগবঢ়োৱা অসাধাৰণ প্ৰদৰ্শনে তেওঁক বিশেষ জনপ্ৰিয়তা প্ৰদান কৰিছে। কিন্তু কেৱল খেলুৱৈ হিচাপেই নহয়, তেওঁৰ পিঠিত অংকিত ভগৱান শিৱৰ বিশাল টেটু আৰু পবিত্ৰ মহামৃত্যুঞ্জয় মন্ত্ৰও বহু লোকৰ দৃষ্টি আকৰ্ষণ কৰিছে। এজন শ্লোভেনিয়ান ফুটবলাৰে কিয় হিন্দু ধৰ্মৰ অন্যতম আৰাধ্য দেৱতা ভগৱান শিৱক নিজৰ দেহত চিৰস্থায়ীভাৱে অংকন কৰিলে—এই প্ৰশ্ন বহুজনৰ মনত উদয় হয়। এই সিদ্ধান্তৰ আঁৰত আছে ভাৰতত কটোৱা তেওঁৰ জীৱনৰ এক গভীৰ আধ্যাত্মিক যাত্ৰা।

এখন গ্ৰন্থৰ জৰিয়তে ভাৰতৰ প্ৰতি আকৰ্ষিত হৈছিল লুকা

লুকাই এক সাক্ষাৎকাৰত কৈছিল যে ভাৰতীয় আধ্যাত্মিকতাৰ প্ৰতি তেওঁৰ আগ্ৰহৰ আৰম্ভণি হৈছিল বিখ্যাত উপন্যাস ‘শান্তাৰাম’ পঢ়াৰ পিছত। এই গ্ৰন্থখনে তেওঁক ভাৰতৰ সংস্কৃতি, দৰ্শন আৰু আধ্যাত্মিক চিন্তাধাৰাৰ সৈতে চিনাকি কৰাই দিয়ে। প্ৰথমে কেৱল কৌতূহল হিচাপে আৰম্ভ হোৱা এই আগ্ৰহ ক্ৰমে তেওঁৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশত পৰিণত হয়। ভাৰতত খেলি থকা সময়ছোৱাত ঘটা আন এক ঘটনাই তেওঁৰ এই আধ্যাত্মিক অনুভৱক আৰু অধিক গভীৰ কৰি তোলে। এজন সতীৰ্থ খেলুৱৈৰ মাতৃয়ে পূজা কৰাৰ পিছত তেওঁক কয় যে পূজাৰ সময়ত তেওঁৰ মনত “ৰুদ্ৰ” নামটো আহিছিল। এই কথাই লুকাক আচৰিত কৰি তোলে। তেওঁ ইণ্টাৰনেটত ‘ৰুদ্ৰ’ৰ অৰ্থ বিচাৰি জানিব পাৰে যে ৰুদ্ৰ হৈছে ভগৱান শিৱৰ এক শক্তিশালী আৰু তেজস্বী ৰূপ। এই আৱিষ্কাৰে তেওঁক গভীৰভাৱে প্ৰভাৱিত কৰে আৰু ধ্যান, মননশীলতা তথা আধ্যাত্মিক সাধনাৰ প্ৰতি অধিক আগ্ৰহী কৰি তোলে।

পিঠিত শিৱৰ টেটু অংকন

ভাৰতত কটোৱা উপৰিউক্ত অভিজ্ঞতাসমূহৰ স্মৃতি হিচাপেই তেওঁ নিজৰ পিঠিত ভগৱান শিৱৰ বিশাল প্ৰতিচ্ছবি আৰু মহামৃত্যুঞ্জয় মন্ত্ৰ অংকন কৰে। হিন্দু ধৰ্মত মহামৃত্যুঞ্জয় মন্ত্ৰক সুৰক্ষা, আৰোগ্য, সাহস আৰু অন্তৰ্দৈহিক শক্তিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। লুকাৰ বাবে এই টেটু কোনো ফেশ্যনৰ অংশ নহয়; ই তেওঁৰ অন্তৰ্জগতৰ পৰিৱৰ্তন আৰু আধ্যাত্মিক বিশ্বাসৰ প্ৰতিফলন। লুকাই স্পষ্টকৈ স্বীকাৰ কৰিছে যে ভাৰতে তেওঁৰ জীৱনৰ দৃষ্টিভংগী সম্পূৰ্ণৰূপে সলনি কৰি দিছে। তেওঁৰ ভাষাত, “এই পৰিৱৰ্তন ভাৰতেই মোৰ জীৱনত আনিছে।” ভাৰতত কটোৱা সময়ে তেওঁক কেৱল এজন সফল ফুটবলাৰ হিচাপে নহয়, এজন অধিক সচেতন, ধ্যানমগ্ন আৰু জীৱনক নতুন দৃষ্টিৰে চাব পৰা ব্যক্তি হিচাপেও গঢ়ি তুলিছে।

লুকাৰ ফুটবল কেৰিয়াৰ

ফুটবল জীৱনতো তেওঁ ভাৰতত এক উল্লেখযোগ্য সফলতা লাভ কৰিছে। ২০২০ চনত চাৰ্চিল ব্রাদাৰ্ছ ক্লাবৰ হৈ আই-লীগত যোগদান কৰি প্ৰথমটো ছিজনতেই ১৫খন খেলত ১১টা গ’ল কৰি লীগৰ দ্বিতীয় সৰ্বাধিক গ’লদাতা হৈছিল। ইয়াৰ পিছত গোকুলাম কেৰালাৰ হৈ আই-লীগ খিতাপ জয় কৰে। তাৰপিছত ৰাউণ্ডগ্লাছ পাঞ্জাবৰ হৈ খেলি পুনৰ আই-লীগ জয় কৰাৰ লগতে লীগৰ সৰ্বোচ্চ গ’লদাতা আৰু ‘প্লেয়াৰ অব দ্য ছিজন’ সন্মান লাভ কৰে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24lord shiva
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ
বিনোদন

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

August 19, 2026
পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ
বিশ্ব

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

August 19, 2026
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!
বিনোদন

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

August 19, 2026
নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…
বিনোদন

নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

August 19, 2026
Next Post
বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

'দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ' কাৰ এই দাবী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.