ধাননি পথাৰৰ মাজত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ বিবস্ত্ৰ মৃ*তদেহ। যুৱতীৰ বিবস্ত্ৰ মৃ*তদেহ উদ্ধাৰৰ পিছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। মৃতদেহটোত একাধিক আঘাতৰ চিন পোৱা হৈছে। বিহাৰৰ সমস্তীপুৰ জিলাৰ কল্যাণপুৰ থানৰ অন্তৰ্গত মুছেপুৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা। মৃতদেহটো উদ্ধাৰ হোৱাৰ পিছতে ঘটনাস্থলীত স্থানীয় লোকৰ ভিৰ জমা হয়। অৱশ্যে কিশোৰীগৰাকীৰ মৃত্যু কেনেকৈ হ’ল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। স্থানীয় লোকে মৃতদেহটো দেখাৰ লগে লগে আৰক্ষীক খবৰ দিয়ে। ঘটনাৰ খবৰ বিয়পি পৰাৰ পিছতে বহু লোক ঘটনাস্থলীত উপস্থিত হয়।
প্ৰাথমিক তদন্তত মৃ*তদেহটোত অসংখ্য আঘাতৰ চিন পোৱা গৈছে। ইয়াৰ ফলত কিশোৰীগৰাকীক মৃত্যুৰ পূৰ্বে আক্ৰমণ কৰা হৈছিল নেকি, তাক লৈ সন্দেহৰ সৃষ্টি হৈছে। ঘটনাটোক কেন্দ্ৰ কৰি স্থানীয় লোকৰ মাজতো বিভিন্ন চৰ্চা চলিছে। অৱশ্যে এয়া হ*ত্যাকাণ্ড নে আন কোনো কাৰণত কিশোৰীগৰাকীৰ মৃ*ত্যু হৈছে, সেয়া আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ’ব।
ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে কল্যাণপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে মৃতদেহটোৰ প্ৰাথমিক তদন্ত কৰি প্ৰয়োজনীয় নথি প্ৰস্তুত কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে সমস্তীপুৰ সদৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ঘটনাটোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি সমস্তীপুৰৰ আৰক্ষী অধীক্ষক অৰবিন্দ প্ৰতাপ সিঙৰ নিৰ্দেশত ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰ (FSL) আৰু জিলা চোৰাংচোৱা শাখাৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়।
দলটোৱে ঘটনাস্থলীৰ পৰা বিভিন্ন বৈজ্ঞানিক প্ৰমাণ আৰু আঙুলিৰ ছাপ সংগ্ৰহ কৰে। আনহাতে, কল্যাণপুৰ আৰক্ষীয়ে ওচৰ-পাজৰৰ গাঁওসমূহৰ লোকক সোধা-পোছা কৰাৰ লগতে শেহতীয়াকৈ কোনো কিশোৰী বা যুৱতী নিৰুদ্দেশ হৈছে নেকি, সেই বিষয়েও তথ্য সংগ্ৰহ কৰি আছে।
সমস্তীপুৰ সদৰ আৰক্ষীয়ে সদৰী কৰা মতে, উদ্ধাৰ হোৱা মৃ*তদেহটো চিনাক্তকৰণৰ সুবিধাৰ্থে সমস্তীপুৰ সদৰ চিকিৎসালয়ৰ মৰণোত্তৰ পৰীক্ষা গৃহত ৭২ ঘণ্টা ধৰি সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা কৰা হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু তদন্তৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত কিশোৰীগৰাকীৰ মৃ*ত্যুৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰাৰ চেষ্টা চলোৱা হৈছে। মৃ*তদেহটো চিনাক্ত হোৱাৰ পিছত পৰিয়ালৰ লোকৰ বক্তব্যও গ্ৰহণ কৰা হ’ব। বৰ্তমানলৈকে ঘটনাটোৰ আঁৰৰ প্ৰকৃত কাৰণ পোহৰলৈ অহা নাই। আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে এয়া হ*ত্যাকাণ্ড নে আন কোনো কাৰণত মৃ*ত্যু হৈছে, সেই বিষয়ে নিশ্চিত তথ্য লাভ কৰিব পৰা যাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















