অসম লাইভ ঃ চলচ্চিত্ৰ নির্মাতা অনুৰাগ কাশ্যপৰ বিৰুদ্ধে যৌন নির্যাতনৰ অভিযোগ উত্থাপন কৰিছিল অভিনেত্ৰী পায়েল ঘোষে। অনুৰাগৰ বিৰুদ্ধে যৌন নির্যাতৰ সেই অভিযোগ উত্থাপন কৰি এইবাৰ সংসদৰ মজিয়াত ধর্ণাত বহিল বিজেপিৰ সাংসদ ৰূপা গাংগুলী। ৰূপা গাংগুলীয়ে দাবী কৰিছে বলীউডত কন্যা সন্তানক যৌন উৎপীড়ন চলোৱাৰ এক ঘটনা পোহৰলৈ আহিছে। আৰু সেই ঘটনাৰ উচিত তদন্ত কৰি দোষীক উচিত শাস্তি বিহিব লাগে। অভিনেত্ৰী পায়েল ঘোষে টুইটাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ অনুৰাগ কাশ্যপে যৌন নির্যাতন চলোৱাৰ অভিযোগ তুলি প্ৰধানমন্ত্ৰীগৰাকীক উচিত তদন্তৰ বাবে আহ্বান জনায়। পায়েল ঘোষে আজি মুম্বাইৰ ওশিৱাৰা আৰক্ষী থানাত অনুৰাগ কাশ্যপৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ সম্ভাৱনা আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ