অসম লাইভ২৪ঃ সমাজবাদী পাৰ্টীৰ বিধায়ক আবু আজমীয়ে বিধানসভাত ‘বন্দে মাতৰম’ উচ্চাৰণ নকৰাক লৈ বিতৰ্ক। সমাজবাদী পাৰ্টীৰ বিধায়ক আবু আজমীয়ে বিধানসভাত বুধবাৰে বন্দে মাতৰম নোকোৱাক লৈ দেশজুৰি বিতৰ্ক। মহাৰাষ্ট্ৰ বিধানসভাত বিষয়টোক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পাছতেই স্থগিত ৰাখিবলগা হয় সদন। কিয় বন্দে মাতৰম ক’ব নোৱাৰে তাৰ লৈ বিধানসভাতেই স্পষ্টীকৰণ দিছে বিধায়কজনে।
আবু আজমীয়ে কয়, ‘বন্দে মাতৰম মই ক’ব নোৱাৰিম, মোৰ ধৰ্মত এই শব্দ কোৱাটো গুনাহ। আল্লাহৰ বাদে মই কাৰো সন্মুখতেই শিৰণত হ’ব নোৱাৰো। উচ্চতম ন্যায়ালয়ে মোক এই অধিকাৰ দিছে। ভাৰতত থাকিলেই বন্দে মাতৰম ক’বই লাগিব বুলি কাকো বাধ্য কৰাব নোৱাৰে।’
সদনৰ পৰা ওলাই অহাৰ পিছত আবু আজমীয়ে কয়, ‘যেতিয়াই বন্দে মাতৰম সদনত গোৱা হয় তেতিয়াই মই থিয় হৈ সন্মান জনাও। কিন্তু মই মুখেৰে সেয়া গাব নোৱাৰো। কাৰণ মোৰ ধৰ্মত কোৱা হৈছে যে আল্লাই পৃথিৱী, আকাশ, সূৰ্য, চন্দ্ৰ, মানুহ আৰু সমগ্ৰ পৃথিৱী সৃষ্টি কৰ্তা। আল্লাহৰ বাহিৰে আন কাৰো সন্মুখত মূৰ তল কৰিব নোৱাৰে। এইয়া মোৰ ধৰ্মত কোৱা হৈছে। মই বন্দে মাতৰম নোকোৱাৰ অৰ্থ এয়া নহয় যে মই কাৰোবাক অপমান কৰিছো।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ