এতিয়াৰ পৰা আপুনি whatsappৰ জৰিয়তে ধন স্থানান্তৰ কৰিব পাৰিব। ভাৰতত whatsappত upi ভিত্তিত ধন স্থানান্তৰ কৰাৰ অনুমতি দিয়া হৈছে। ভাৰতৰ ৰাষ্ট্ৰীয় পেমেণ্ট কৰ্প’ৰেচন (npci)-এ whatsappত upi ভিত্তিত ধন স্থানান্তৰ কৰাৰ অনুমতি দিছে। উল্লেখযোগ্য যে চলিত বছৰৰ জুন মাহতেই whatsappৰে ধন স্থানান্তৰ কৰাৰ সুবিধা দিয়া হৈছিল মাত্ৰ কেইজনমান ব্যৱহাৰকাৰীক। এতিয়াৰ পৰা npci-এ এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে যে, ধনৰ লেনদেনৰ বাবে এতিয়াৰ পৰা whatsapp অনুমোদিত হৈছে। npci-এ জনাইছে whatsapp-এ upi ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি পাব। আৰু ইয়াৰ বাবে সৰ্বাধিক ব্যৱহাৰকাৰী ২ মিলিয়ন হ’ব পাৰে। এই সুবিধাৰ বাবে ব্যৱহাৰকাৰীয়ে ৬টা সংখ্যাৰ পিন বা ফিংগাৰপ্ৰিণ্ট স্কেনৰ জৰিয়তে অৰ্থ স্থানান্তৰ কৰিবলৈ সক্ষম হ’ব। আৰু এইটো ব্যৱহাৰ কৰোতে ব্যৱহাৰকাৰীক তেওঁৰ whatsapp একাউণ্টটো ভিছা বা মাষ্টাৰ কাৰ্ডৰ ক্ৰেডিট বা ডেভিট কাৰ্ডৰ সৈতে সংযোগ কৰা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ