অসম লাইভ ২৪ঃ চিনেমাৰ খলনায়ক চনু চুড। কিন্তু বাস্তৱৰ নায়ক অভিনেতাগৰাকী। কিয়নো চিনেমাৰ খলনায়ক হ’লেও চনু চুডে লকডাউনৰ সময়চোৱাত ভগৱান হিচাপে থিয় দিছিল আৰ্তজনৰ কাষত। হাজাৰ হাজাৰ লোকলৈ আগবঢ়াইছিল সহায়ৰ হাত। পিছে বলীউডৰ এইগৰাকী জনপ্ৰিয় অভিনেতাৰ বিৰুদ্ধে এইবাৰ গোচৰ ৰুজু কৰিলে BMC-এ। ৬ মহলীয়া এটা আৱাসিক ভৱন হোটেললৈ পৰিৱৰ্তন কৰাৰ বাবে অভিনেতাগৰাকীৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হৈছে। অভিযোগ অনুসৰি এই সন্দৰ্ভত অভিনেতাগৰাকী BMCৰ পৰা পূৰ্বতে লোৱা নাছিল অনুমতি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















