অসম লাইভ ২৪ঃ জনতা ভৱনত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰে। নাগৰিক সমাজ, স্বাস্থ্য বিভাগ আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ আলোচনাত শুকুৰবাৰে দুসপ্তাহৰ লকডাউনৰ পোষকতা কৰা হৈছিল, যদিও স্বাস্থ্য বিভাগে গুৱাহাটীৰ সাম্প্ৰতিক পৰিস্থিতি পৰ্যবেক্ষণ কৰি আৰু এসপ্তাহৰ লকডাউনে যথেষ্ট বুলি মুখ্য সচিবক অৱগত কৰে। দেওবাৰে এই সন্দৰ্ভত নীতি-নিৰ্দেশনা জাৰি হোৱাৰ সম্ভাৱনা আছে। সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে মুখ্য সচিবক গুৱাহাটীৰ সাংসদ-বিধায়কসকলৰ সৈতে আলোচনাৰ আহ্বান জনায় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে কেন্দ্ৰীয় কাৰাগাৰত ক’ৰোনাত আক্ৰান্ত হোৱা সকলৰ পুনৰ পৰীক্ষা কৰোৱা উচিত বুলি কয় মন্ত্ৰীগৰাকীয়ে। ক’ৰোনা যুদ্ধৰ ৰণকৌশল সলনি কৰাৰ প্ৰসংগ দাঙি ধৰে মন্ত্ৰীগৰাকীয়ে। অসমত হোম কোৱাৰেণ্টীন এক আত্মঘাটী ব্যৱস্থা বুলি কয় হিমন্ত বিশ্ব শৰ্মাই। হোম কোৱাৰেণ্টীনৰ নতুন চৰ্ত দাঙি ধৰে মন্ত্ৰীগৰাকীয়ে। ওচৰ-চুবুৰীয়াৰ আপত্তি নাথাকিলে হ’ব পাৰিব হোম কোৱাৰেণ্টীন। ঘৰত বৃদ্ধ লোক থাকিলে হ’ব নোৱাৰিব হোম কোৱাৰেণ্টীন। হোম কোৱাৰেণ্টীনত থকা লোকৰ ব্যক্তিগত চিকিত্সক থাকিব লাগিব। প্ৰত্যেক ৩ ঘণ্টাৰ মূৰত পালছ ৰিপোৰ্ট ডাক্তৰক জনাব লাগিব। বেছি অসুবিধা পালে বা ব্যক্তিগত চিকিত্সকে পৰামৰ্শ দিলে নিজে গাড়ীৰ ব্যৱস্থা কৰি হাস্পতাললৈ আহিব লাগিব। এইসমূহ চুক্তি মানি লোৱা লোকহে হোম কোৱাৰেণ্টীন হব পাৰিব। গুৱাহাটীলৈ অহা বিমানযাত্ৰীৰ এণ্টিজেন টেষ্টত নিগেটিভ থাকিলে হোম ১৪ দিনৰ হোম কোৱাৰেণ্টীন হব পাৰিব। তাত্ক্ষণিক চিকিসাৰ প্ৰয়োজন থকাসকলে দিনৰ ১২ বজাৰ আগতে জিএমচিএইছত কোভিড টেষ্ট কৰাব পাৰিব। পাছদিনা ৩ বজাৰ ভিতৰত ৰিপোৰ্ট পাব। নাৰ্ছিংহোমত ৰোগীৰ ভৰ্তিকৰণৰ ক্ষেত্ৰত কোভিড টেষ্টৰ ৰিপোৰ্ট বিচৰাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তদুপৰি ৬৫ ঊৰ্ধৰ কোৰোনা আক্ৰান্ত ব্যক্তিক খানাপাৰত ৰখাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে। প্ৰতি ৫-৬ জন ৰোগীৰ বিপৰীতে এগৰাকী নাৰ্ছ থাকিব।তদুপৰি চিকিত্সকৰ বিশেষ তত্ত্বাৱধানত থাকিব ৰোগীসকল। গৰ্ভৱতী আৰু শিশুৰ বাবেও সুকীয়া ব্যৱস্থা গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে। এমএমচিত সংলগ্ন হাস্পতালত শিশু আৰু গৰ্ভৱতী কোৰোনা আক্ৰান্তক সুকীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে ৰাজ্যত ক’ৰোন সংক্ৰমণৰ বিভিন্ন তথ্য দাঙি ধৰে। ৬৩.০৪ শতাংশ আৰোগ্যৰ হাৰেৰে দেশৰ চতুৰ্থ স্থানত আছে অসম। আনহাতে ৰাজ্যত মৃত্যুৰ হাৰ ০.২৩ শতাংশ। অসমত মৃত্যুৰ হাৰ দেশৰ ভিতৰতে নিম্ন। ৰাজ্যত এই পৰ্যন্ত ৫২৫৪৮৫ টা কোভিড পৰীক্ষা সম্পন্ন হৈছে। গুৱাহাটীত সম্পন্ন হল ১ লাখ লোকৰ কোভিড টেষ্ট। কোভিড টেষ্টত এছিয়াৰ ভিতৰতে চতুৰ্থ স্থানত আছে অসম। আনহাতে জিএমচিএইচত ২৫ জনক প্লাজমা, ৰামচিডেভিৰ চিকিত্সা প্ৰদান কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে ক’ৰোনা সন্দৰ্ভত বিভিন্ন বিতৰ্কৰ সূত্ৰপাত হোৱাৰ পৰিপ্ৰেক্ষিতত সাংবাদিকক জিএমচিএইছৰ আইচিইউত স্বচক্ষে পৰিস্থিতি পৰ্যবেক্ষণৰ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















