অসম লাইভ২৪ঃ আজি তৃতীয় বৰ্গত ১১,৩২৪ জনে লাভ কৰিছে নিযুক্তি৷ নিযুক্তিৰ খবৰ পোৱা মাত্ৰকেই বহুজনৰ ঘৰত যদি উছাহৰ ঢল দেখা গৈছে বহুতো পৰিয়ালত আকৌ দেখা গৈছে আনন্দৰ চকুপানী৷ দিনহাজিৰা কৰি সন্তানক পঢ়োৱাই সন্তানৰ এই সফলতা দেখি বহুজনৰ চকুৰেই বাগৰিছে লোতক৷ নিকা নিযুক্তিত সন্তুষ্ট হৈ বহুজনেই ধন্যবাদ জনাইছে অসম চৰকাৰক৷
লখিমপুৰৰ এজন দৰিদ্ৰ যুৱক পলাশ দাস৷ পলাশৰ নিযুক্তিৰ খবৰ পাই কান্দি উঠিছে দৰিদ্ৰ পিতৃ-মাতৃ। পিতৃয়ে মাছ বিক্ৰি কৰে। কেতিয়াবা কৰে দিন হাজিৰাও। নিজৰ বুলিবলৈ নাই এটি ভাল ঘৰ। নিশা ১২ বজাতেই মাছ ধৰিবলৈ ওলাই যায় পিতৃ৷ এটা দুটাকৈ মাছ ধৰি যিখিনি পায় সেয়া বিক্ৰি কৰি পোৱা টকাৰে পৰিয়াল চলায়৷
মাটিৰ এটা ভাৰা লোৱা জুপুৰীত থাকিয়েই পুত্ৰই লাভ কৰিলে তৃতীয় বৰ্গৰ চৰকাৰী চাকৰি। উৰুখা পঁজাটিলৈ আকাংক্ষিত খবৰটো অহা মাত্ৰকেই মাতৃতেও আচলেৰে চকুলো টুকিছে৷ লখিমপুৰৰ সনাতন গাঁৱৰ পলাশ দাসে এই সফলতাৰ পাছতেই কয়, ‘উৎকোচ দি চাকৰি দিছে বুলি কোনোবাই ক’লে মই মোৰ ঘৰৰ পৰা উলিয়াই দিম।’ পলাশৰ দৰিদ্ৰ পিতৃ-মাতৃয়ে কান্দি কান্দি হিমন্ত বিশ্ব শৰ্মা চৰকাৰকো ধন্যবাদ জনাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ