অসম লাইভ ২৪ : পুনৰ লকডাউনৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। যিকোনো মুহূৰ্তত প্ৰশাসনে লকডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। শীতত কৰোনা সংক্ৰমণ বৃদ্ধি পাব বুলি ইতিমধ্যে বিভিন্ন স্বাস্থ্য সংস্থাই আশংকা ব্যক্ত কৰিছিল। তদুপৰি উৎসৱৰ আনন্দত ৰাইজ মতলীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত কৰোনা সংক্ৰমণ বৃদ্ধি হোৱাৰ আশংকা বাৰম্বাৰ ব্যক্ত কৰিছে স্বাস্থ্য সংস্থাই। চৰকাৰে দুৰ্গা পূজা, দীপাৱলী আদিত ৰাইজক সাৱধানতা অৱলম্বন কৰিবলৈ বাৰম্বাৰ আহ্বান জনাইছিল। কিন্তু আনলক আৰম্ভ হোৱাৰ লগে লগে অধিকাংশ লোকে এৰি পেলাইছে কৰোনা প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰিবলগীয়া সাৱধানতাসমূহ। কৰোনাই ভয়াৱহ ৰূপ লোৱা মহাৰাষ্ট্ৰত দীপান্বিতা, গণেশ চতুৰ্থীত ব্যাপক জনসমাগম হোৱাত কৰোনা সংক্ৰমণে ভয়ংকৰ ৰূপ লোৱা শংকা ঘণীভূত হৈছে। সেয়ে চৰকাৰে পুনৰ লকডাউনৰ চিন্তা-চৰ্চা কৰিব লগা হৈছে। ক’ভিডৰ দ্বিতীয়টো ঢৌৱে মহাৰাষ্ট্ৰক খুন্দিওৱাৰ শংকা ভুগিছে চৰকাৰ। ইয়াৰ পৰিপ্ৰেক্ষিতত পৰিস্থিতি পৰ্যৱেক্ষণ কৰি ৮-১০ দিনৰ পুনৰ লকডাউনৰ চিন্তা চৰ্চা কৰিছে মহাৰাষ্ট্ৰ প্ৰশাসনে। যদি পৰিস্থিতি অৱনতি ঘটে তেনেহ’লে মহাৰাষ্ট্ৰত পুনৰ লকডাউন দিয়াৰ সম্ভাৱনাৰ কথা ক’লে উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে। ইতিমধ্যে মহাৰাষ্ট্ৰৰ অংশ বিশেষে আজিৰ পৰা খুলিছে বিদ্যালয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ