অসম লাইভ ২৪ঃ এগৰাকী বিজেপি বিধায়কৰ মৃতদেহ উদ্ধাৰ হৈছে। ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে বিধায়কগৰাকীৰ মৃতদেহ। বিধায়কগৰকাৰীৰ উত্তৰ দিনাছপুৰৰ ঘৰৰ ওচৰতে উদ্ধাৰ হৈছে মৃতদেহটো। পশ্চিমবংগৰ হেমতাবাদ বিধানসভা সমষ্টিৰ বিধায়ক দেবেন্দ্ৰ নাথ ৰয়ৰ মৃতদেহ ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল। ২০১৯ চনৰ লোকসভা নির্বাচনৰ পূর্বে ৰয়ে বিজেপিত যোগদান কৰিছিল। পৰিয়ালৰ দাবী তেওঁক হত্যা কৰি ওলোমাই থোৱা বুলি পৰিয়ালে দাবী কৰে। বিজেপিৰ নেতা ৰাহুল সিনহাই অভিযোগৰ আঙুলি টোঁৱাইছে তৃণমূল কংগ্ৰেছলৈ। সমগ্ৰ ঘটনাৰ চিবিআইৰ তদন্তও তেওঁ দাবী কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ