অসম লাইভ২৪ঃ
‘বোপাই অ তই উভতি আহ৷ তাৰ মাতটো মাঘবিহুত শুনিয়েই মই সন্দেহ কৰিছিলো৷ নিজৰ লৰা, তাৰ মাতনো মই কিয় নিচিনিম৷ এইবাৰ তাৰ মুখখন দেখিলো’
এগৰাকী দুৰ্ভগীয়া পিতৃয়ে কান্দি কান্দি পুত্ৰক নিষিদ্ধ ঘোষিত সংগঠনৰ পৰা উভতি আহিবলৈ আহ্বান জনাইছে৷ বিগত প্ৰায় এবছৰ পূৰ্বেই ঘৰৰ পৰা ওলাই গৈছিল অভিলেখ বৰা নামৰ যুৱকজন৷ ডিব্ৰুগড়ৰ মৰাণৰ অভিলেখে মোবাইল ভাল কৰিম বুলি ওলাই গৈছিল৷
এবছৰ পূৰ্বে অভিলেষে যোগ দিলে নিষিদ্ধ ঘোষিত সংগঠনত৷ একমাত্ৰ পুত্ৰ অবিহনে উকা ঘৰখনত আকৌ এবাৰ কান্দোনৰ ৰোল৷ অভিলেষে আলফাৰ কোনোবা অজ্ঞাত স্থানৰ কেম্পত বিহু জুৰিছে৷ জাতিটোৰ মংগল কামনাৰে গোৱা গীতটো ইতিমধ্যে ভাইৰেল হৈ পৰিছে৷ আলফা স্বাধীনৰ অজ্ঞাত শিবিৰত গোৱা বিহুৰ ভিডিঅ’টোৱে মৰাণত থকা অভিলেখৰ ঘৰত সৃষ্টি কৰিছে হাহাকাৰৰ৷ শিভক্ষক পিতৃয়ে কান্দি কান্দি পৰেশ বৰুৱালৈ আহ্বান জনাইছে, ‘মোৰ ল’ৰাটো অসুস্থ, সি ক্ষীণাইছে, তাক ঘৰলৈ ঘূৰাই পঠাওক।’
অজ্ঞাত কোনো স্থানৰ পৰা অভিলেখে গোৱা বিহুটি শুনাৰ পাছতেই বহুজনেই প্ৰশংসা কৰিছে অভিলেখৰ৷ অভিলেখৰ কণ্ঠ সচাঁয়ে সুন্দৰ বুলি প্ৰশংসা কৰিছে বহুজনে৷ নিষিদ্ধ ঘোষিত সংগঠনত যোৱাৰ পূৰ্বে অভিলেখ আছিল কণ্ঠশিল্পী৷ বিজ্ঞানত স্নাতক ডিগ্ৰীধাৰী অভিলেখে কিয় এই সংগঠনলৈ গ’ল পিতৃয়ে নাজানে৷ পিতৃয়ে তাক উভতি আহিবলৈ আহ্বান জনাই কয়, ‘সন্তানটোক স্কুলত দিব লাগে তাক উভতাই পঠাওক৷ তাৰ সন্তান আৰু পত্নীয়েও বৰ আশাৰে সি অহালৈ বাট চাইছে৷’
অভিলেখ বৰা বা পৰেশ বৰুৱালৈ এই বাৰ্তা গৈ পাবনে? বা পৰেশ বৰুৱাই পিতৃৰ এই আহ্বান ৰক্ষা কৰি উভতাই পঠিয়াবনে অভিলেখক? সেয়া কোনেও নাজানে যদিও বহু আশা বান্ধি পিতৃয়ে অপেক্ষা কৰিছে পুত্ৰৰ বাবে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















