• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভূমিহীনৰ অস্তিত্ব নাথাকে

ভূমিহীনৰ অস্তিত্ব নাথাকে

6 years ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

10 minutes ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

36 minutes ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

1 hour ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

2 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

3 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

4 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

4 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

5 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

5 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

6 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

6 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

ভূমিহীনৰ অস্তিত্ব নাথাকে

editor by editor
July 4, 2020
in লেখা
0
ভূমিহীনৰ অস্তিত্ব নাথাকে
98
SHARES
209
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পৃথিৱীত এনে এখন দেশ নাই- যিখন দেশৰ ভৌগোলিক অৱস্থিতি নাই। অৰ্থাৎ, দেশৰ অস্তিত্বৰ লগত ভূখণ্ডৰ অস্তিত্বৰ প্ৰশ্ন জড়িত হৈ থাকে। সেইদৰে, পৃথিৱীত এনে কোনো মানুহ নাই যি মানুহৰ থিয় দিবলৈ নিজাকৈ এডোখৰ ভূখণ্ড নাই । সেই ভূখণ্ড লোকৰ বাৰাণ্ডা হওক, বাছ আস্থানৰ চালিখন হওক বা গছৰ তলেই হওক । পৰিচয়ৰ লগত এডোখৰ ভূখণ্ড সদায় লাগি থাকে। যেনে, অমুকজোপা গছৰ তলত থকা মগনীয়াটো ! জাতিৰ ক্ষেত্ৰত কথাষাৰ বহলাই নিব পাৰোঁ- জাতিটোৰ জনসংখ্যা যিখিনি ভৌগোলিক ভূখণ্ডৰ চাৰিসীমাৰ মাজত থাকে সেই ভূখণ্ডৰ লগত জাতিটোৰ অস্তিত্ব জড়িত হৈ থাকে! অসম নামৰ ভূখণ্ডৰ লগত অসমৰ প্ৰতিজন খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্বৰ প্ৰশ্নটো জড়িত হৈ আছে । এই কথাবোৰ এইবাবেই ওলাইছে- কাৰণ, অসমে ১৯৪৭ৰ পূৰ্বৰে পৰা নিজৰ অস্তিত্বৰ বাবে- অৰ্থাৎ, নিজৰ ভূখণ্ডৰ নিৰাপত্তাৰ বাবে প্ৰতিবাদী সংগ্ৰাম কৰি আহিছে- আজিলৈকে যাৰ অন্ত পৰা  নাই । অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ দীৰ্ঘদিনীয়া সমাধান নোহোৱা এটা সমস্যা হ’ল অনুপ্ৰৱেশৰ সমস্যা । অনুপ্ৰৱেশৰ সমস্যাটোৰ লগত  জাতিটোৰ ভাষিক-সাংস্কৃতিক আৰু অৰ্থনৈতিক অস্তিত্বৰ সংকটৰ প্ৰশ্ন জড়িত হৈ আছে ।অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষাৰ ক্ষেত্ৰত খিলঞ্জীয়া জনসাধাৰণে সদায়েই কেইটামান কথা স্পষ্ট কৰি আহিছে । যেনে- (১) অসমৰ ভৌগোলিক ভূখণ্ডত অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ অধিকাৰ সুনিশ্চিতকৰণ । (২) অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত খিলঞ্জীয়া জনসাধাৰণৰ ভাষা-সংস্কৃতি সুৰক্ষিতকৰণ। (৩) অসমৰ সমূহ সম্পদৰ ওপৰত অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ অধিকাৰ সাব্যস্তকৰণ । (৪) অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ বাবে সুকীয়াকৈ  ৰাজ্যিক নাগৰিকপঞ্জী (State Register of Citizens = SRC ) প্ৰস্তুতকৰণ ।

কিন্তু, এইক্ষেত্ৰত দিল্লী আৰু দিছপুৰৰ কোনেও অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ প্ৰাপ্য অধিকাৰ লাভৰ বাবে  সঁচা অৰ্থত চিন্তিত হোৱা বুলি ৰাইজ পতিয়ন যোৱা নাই । ২০১৪ চনত নিৰ্বাচনৰ সময়ত দিল্লীৰ ১.০ চৰকাৰখনে অসমৰ সৰ্বসাধাৰণ ৰাইজৰ মন জয় কৰিছিল  “জাতি-মাটি-ভেটি” ৰক্ষাৰ প্ৰতিশ্ৰুতি দি ! লগতে  বিদেশী নাগৰিকৰ বহিষ্কাৰৰ দৃঢ় সপোন দেখুৱাই ! অসমৰ ৰাইজে পানীত পৰা মানুহৰ দৰে তেনেবোৰ চলাহী কথাত ভোল গৈ ব্যাপক হাৰত নিৰ্বাচনত নিজৰ সমৰ্থন ব্যক্ত কৰি  বিজয়ী কৰিলে! ২০১৬ চনত অসমৰ ৰাইজে ভাবিলে যে দিল্লীত যি দলৰ চৰকাৰ থাকে- সেই একে দলৰ চৰকাৰ যদি দিছপুৰত হয় তেনেহ’লে সন্মিলিত শক্তিৰে প্ৰগতি ত্বৰাণ্বিত হ’ব! অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ সমাধান নোহোৱা সমস্যাসমূহৰ সমাধান হোৱাত সুচল হ’ব! কিন্তু, অসমৰ ৰাইজৰ মূৰত বজ্ৰপাত পৰিল সেইদিনাখন  যিদিনাখন  (১) মাথোন মুখেৰে আশ্বস্ত কৰাৰ বাহিৰে অসম-বাংলাদেশৰ সীমান্ত সম্পূৰ্ণ নিকপকপীয়াকৈ বন্ধ কৰাৰ দ্বাৰা  অনুপ্ৰৱেশৰ চিৰদিনীয়া সমাধানৰ জৰিয়তে সুদীৰ্ঘদিনৰ তিক্ত সংঘাতৰ স্থায়ী নিৰাময়ৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰি অসমৰ ভূমি (সালসলনি, বুজাবুজি আদি কথাৰে) অৱশেষত বাংলাদেশক হস্তান্তৰ কৰিলে । ২০১৬ চনত নাগৰিকত্ব (সংশোধনী) বিধেয়কৰে বাংলাদেশকে ধৰি কেইখনমান চুবুৰীয়া দেশৰ ধৰ্মীয় সংখ্যালঘুক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ প্ৰস্তাৱ ল’লে । ২০১৯ ত সংসদত অসমৰ লগতে দেশৰ জনসাধাৰণৰ তীব্র প্ৰতিবাদ সত্ত্বেও সংসদত সংখ্যাৰ জোৰত নাগৰিকত্ব (সংশোধনী) বিধেয়কক  আইনত পৰিণত কৰিলে । পৰিণাম স্বৰূপে- (১) অসম চুক্তি-১৯৮৫ তল পৰিল,  (২) অসম-বাংলাদেশ সীমান্তত স্থায়ী বেৰৰ কথা তল পৰিল, (৩) সংসদত “কা” গৃহীত কৰি ৩১ ডিচেম্বৰ, ২০১৪লৈ বিদেশী সংস্থাপনৰ বাট মুকলি কৰিলে । অসমৰ লগতে সমগ্ৰ ভাৰতৰ গণতান্ত্ৰিক মনোভাবাপন্ন মানুহে এনে জনমত বিৰোধী কামকাজৰ প্ৰৱল বিৰোধিতা কৰিলে ।

ইতিমধ্যে , ভূতৰ ওপৰত দানহ পৰা দি ক’ৰোনাই ভীতিগ্ৰস্ত কৰা জনজীৱন স্তব্ধ কৰি তুলিলে । বাটে-পথে মানুহ নাই । শাসকীয় দলৰ লোকৰ বাহিৰে বাকী সকলোৰে বাবে চলাচল প্ৰায় নিষিদ্ধ । যিসময়ত ৰাজ্যত ক’ৰোনাৰ বাবে তলাবন্ধ হেতুকে শ্মশানপ্ৰায় অৱস্থা, বানৰ দুৰ্যোগ,  মানুহ ভয়তে কঁপি আছে… হেন সময়তে যোৱা ২৯ জুন তাৰিখে অসম চৰকাৰৰ কেবিনেটে হঠাৎ গ্ৰহণ কৰা অধ্যাদেশৰ জৰিয়তে কৃষিভূমি সমন্বিতে ৰাজ্যৰ যিকোনো ভূমি চৰকাৰৰ কাৰো পূৰ্বানুমতি নোলোৱাকৈয়েই ক্ৰয় কৰি ৰাজ্যত উদ্যোগ স্থাপনৰ বাট মুকলি কৰিলে । চৰকাৰৰ এই সিদ্ধান্ত অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ, বিশেষকৈ কৃষকৰ স্বাৰ্থৰ পৰিপন্থী কাৰ্য বুলি অসমৰ ব্যাপক খিলঞ্জীয়া জনসাধাৰণে (নিৰ্বাচনৰ হিচাব অনুসৰি প্ৰায় ৬৫% ই)প্ৰৱল বিৰোধিতা কৰিছে আৰু এতিয়াও বিৰোধিতা অব্যাহত আছে । কাৰণ , অসমৰ ৰাইজে দেখিছে- চৰকাৰৰ ভূমিনীতি সম্পৰ্কীয় এই অধ্যাদেশৰ  জৰিয়তে অবাধে যিকোনো মানুহে য’তে ত’তে কৃষিভূমি ক্ৰয় কৰাৰ অধিকাৰ পালে স্বাভাৱিকতে কৃষিভূমি সংকুচিত হ’ব । যাৰ পৰিণামস্বৰূপে কৃষিভিত্তিক উদ্যোগৰ সম্ভাৱনীয়তা হ্ৰাস পাব বা নাইকিয়া হ’ব । ই এক অভাৱনীয় ভয়ংকৰ অৱস্থা ! কৃষিমন্ত্ৰীয়ে খিলঞ্জীয়া লোকক স্বাৱলম্বী হ’বৰ বাবে উৎসাহ যোগোৱা আঁচনিসমূহৰ কি হ’ব ? কিয় চৰকাৰে বহল ভিত্তিত  অসমৰ জৈৱ বৈচিত্ৰ্য সন্তুলিত কৰি ৰখাৰ দীৰ্ঘম্যাদী কাৰ্য্যসূচীৰ অন্তৰ্গত কৃষিক কিয় উদ্যোগলৈ ৰূপান্তৰিত কৰাৰ আঁচনি লোৱা নাই ?  অসমৰ ৰাইজে বিচাৰিছে- (১) সৰ্বপ্ৰথমে , অসমৰ প্ৰতিটো মৃত বা মৃতপ্ৰায় উদ্যোগ যিকোনো প্ৰকাৰে  পুনৰুজ্জীৱিত কৰক । (২) কৃষিভূমি সম্পূৰ্ণ সুৰক্ষিত ৰাখি ব্যাপকভাৱে কৃষিভিত্তিক উদ্যোগ গঢ়ি তোলক । (৩) বাহিৰৰ উদ্যোগীক নহয়, কেৱল খিলঞ্জীয়া অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগীক উৎসাহ দিয়ক । (যিকোনো পৰস্থিতিতে কৃষিভূমি, বেল্ট, ব্লক সুৰক্ষিত ৰাখক।) (৪) ২১ ডিচেম্বৰ, ২০১৯-ৰ খিলঞ্জীয়াৰ ভূমিৰ সুৰক্ষাৰ বাবে বিধানসভাৰ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত কাৰ্যকৰী কৰক । (৫) অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰাৰ বাবে বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন প্ৰতিবেদন ৰাজহুৱা কৰক । (৬) হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদন ৰাজহুৱা কৰক । (৭) “এডভাণ্টেজ আছাম” ১০০% কাৰ্যকৰী কৰক। (৮)”কা” বাতিল কৰক ।

ভূমিৰ অধিকাৰ এটা গুৰুত্বপূৰ্ণ বিষয় । অম্বিকাগিৰি ৰায়চৌধুৰীয়ে তাহানিতেই কৈছিল- যি জাতিৰ হাতত মাটি আৰু বজাৰ নাথাকে- সেই জাতি নিঃশ্চিহ্ন হৈ যায়। এটা জাতি, জনগোষ্ঠী বা খিলঞ্জীয়া যি নামেৰেই অভিহিত নকৰোঁ কিয়- ভূমিৰ লগতহে সদায় অস্তিত্বৰ প্ৰশ্ন জড়িত হৈ থাকে । কাৰণ, ভূমিহীন সদায় অস্তিত্বহীন উদ্বাস্তু ! পৰিস্থিতি অত্যন্ত জটিল । খিলঞ্জীয়া ৰাইজৰ সচেতনতা আৰু সজাগতাইহে খিলঞ্জীয়া ৰাইজক ৰক্ষা কৰিব ।

(লেখক শঙ্কৰ শইকীয়া এগৰাকী প্ৰতিষ্ঠিত কবি তথা নিবন্ধকাৰ)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24shankar saikia
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?
বাণিজ্য

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

April 3, 2026
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!
বাণিজ্য

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

April 3, 2026
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
Next Post
অষ্টম মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰে সোঁৱৰণ কবি হীৰেন ভট্টাচাৰ্যক

অষ্টম মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰে সোঁৱৰণ কবি হীৰেন ভট্টাচাৰ্যক

লাডাখৰ পাছত চীনৰ ৰঙা চকু আন্দামান নিকোবৰ দ্বীপপুঞ্জ

লাডাখৰ পাছত চীনৰ ৰঙা চকু আন্দামান নিকোবৰ দ্বীপপুঞ্জ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.