অসম লাইভ ২৪ঃ জন্ম হ’লে মৃত্যু নিশ্চিত। জন্ম-মৃত্যুৰ নিয়মেই হৈছে জীৱন। প্ৰতিজন মানুহেই জন্মৰ পাছৰ পৰাই এখোজ এখোজকৈ আগবাঢ়ে মৃত্যুৰ পথলৈ। কিন্তু এতিয়াও পৃথিৱীত এনে কিছু মানুহ আছে, যাক মৃত্যুৱে চুব পৰা নাই। তেনে এজন আশ্চর্যকৰ বৃদ্ধ বাংগালুৰুৰ বাসিন্দা মহাশ্বেতা মুৰাচী। মুৰাচীৰ দাবী ১৮৪ বছৰ ধৰি তেওঁ পৃথিৱীৰ উত্থান-পতনৰ সাক্ষী হৈছে। বৰ্তমান তেওঁৰ সন্তান, নাতি-নাতিনীও জীয়াই থকা নাই। কিন্তু আচিৰতভাৱে অমৰ হৈ আছে মুৰাচী। মুৰাচীৰ এই জীৱন এফালে যেনেকৈ আশীর্বাদ আনফালে অভিশাপো। মুৰাচীয়ে কৈছে মৃত্যুৱে তেওঁক পাহৰি গৈছে। মৃত্যুৰ বয়স পাৰ হৈ যোৱাৰ পাছতো মৃত্যু হোৱা নাই তেওঁৰ। ১৮৩৫ চনত ভাৰতৰ কর্ণাটকৰ ৰাজধানী বাংগালুৰুত জন্মগ্ৰহণ কৰে মুৰাচীয়ে। সুদীর্ঘ জীৱনকালত তেওঁৰ বহুত নিকটাত্মীয়ৰ মৃত্যু দেখিছে। ভিতৰি ভাগি পৰিলেও এতিয়াও সৱল তেওঁ। মুৰাচীৰ অন্তিম ইচ্ছা বিশ্বৰ সকলোতকৈ বয়ষ্ক ব্যক্তি হিচাপে গীণিজ ৱর্ল্ড বুকত স্থান দখল কৰা। কিন্তু মুৰাচীৰ অন্তিম ইচ্ছাৰ পথত বাধা হৈ ৰৈছে প্ৰয়োজনীয় নথি-পত্ৰৰ অভাৱ। তেওঁৰ জন্মৰ কোনো প্ৰমাণ-পত্ৰ নাই। বর্তমান বিশ্বৰ প্ৰবীণ ব্যক্তি হিচাপে গীণিজ বুকত স্থান দখল কৰিছে ফ্ৰান্সৰ জীয়ানে লুইছ কালমেণ্টে। ১২২ বছৰৰ দীর্ঘ জীৱনৰ ৰেকর্ড গঢ়িছে জীয়ানে লুইছ কালমেণ্টে। প্ৰয়োজনীয় নথি-পত্ৰৰ অভাৱত গিণীজ বুকত স্থান দখল কৰিব সক্ষম হোৱা নাই বিশ্বৰ সকলোতকৈ বয়ষ্ক ব্যক্তি মহাশ্বেতা মুৰাচীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ