অসম লাইভ ২৪ঃ মৰমেই নহয়, আৰু বহু কিবাকিবি বিচাৰে প্ৰেমিকাই। একমাত্ৰ এবুকু মৰমেৰে ধৰি ৰাখিব নোৱাৰে প্ৰেমিকাক। হৃদয়ৰ ৰাণীক ধৰি ৰাখিবলৈ প্ৰেমিকৰ থাকিব লাগে বহু গুণ। অকল টকা-পইচা, পার্ক-ৰেণ্টুৰেণ্টৰ মায়াজালেৰে প্ৰেমিকাৰ হৃদয় জুৰুৱা সহজ নহয়। প্ৰেমিকাই আৰু বহু কিবাকিবি বিচাৰে। সকলো প্ৰেমিকাই বিচাৰে হৃদয়ৰ ৰাজকুমাৰ ব্যতিক্ৰম হওক, আনতকৈ পৃথক হওক।
প্ৰেমিকক কেনেকুৱা হোৱাটো বিচাৰে প্ৰেমিকাই?
নম্ৰতাঃ প্ৰেমিক নম্ৰ হোৱাটো বিচাৰে প্ৰত্যেক প্ৰেমিকাই। দয়াৱান আৰু নম্ৰ যুৱকক অধিক পছন্দ কৰে যুৱতীয়ে।
বুদ্ধিমানঃ বুদ্ধিমান পুৰুষৰ প্ৰতি অধিক আকর্ষিত হয় যুৱতীসকল।
উদাৰঃ উদাৰতা এক বিৰল গুণ। উদাৰ পুৰুষক অধিক পছন্দ কৰে যুৱতীয়ে।
আত্মবিশ্বাসঃ আত্মবিশ্বাস অত্যন্ত গুৰুত্বপূর্ণ গুণ। যি যুৱকৰ মুখত আত্মবিশ্বাসৰ ৰেশ যুৱতীয়ে দেখা পায়, তেনে যুৱকক অধিক পছন্দ কৰে যুৱতীয়ে।
পৰিষ্কাৰ-পৰিচ্ছন্নতা এক গুৰুত্বপূর্ণ বিষয়। কাঢ়া ইস্ত্ৰী কৰা ৰংচঙীয়া কাপোৰ পিন্ধি, নিতৌ ধোৱা চিকচিকীয়া বাইকত ফুল টেংকী তেল ভৰাই প্ৰেমিকাক উঠাই লৈ ফুৰিলেও হাঁহিলে যদি গুটখা খাই লেতেৰা হোৱা বত্ৰিশ দন্ত প্ৰকাশ হয়, তেনেহ’লে প্ৰেমিকা বিতুষ্ট নোহোৱাতো দৈৱ লিখনহে বুলিব লাগিব। গতিকে প্ৰেমৰ বৰ পুখুৰীত জাঁপ দিয়াৰ চেষ্টা চলাই থকাসকলে এই দিশবোৰতো গুৰুত্ব দিলেহে মনৰ আশা পূৰ হোৱাৰ সম্ভাৱনা থাকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ