এজন কবিৰ কথা এষাৰ মনত পৰিছে- ‘গছত ফুলিব ফুল বতাহ বলিব নিজ বাটে নক্ষত্ৰ ঘূৰিব …।’ ইয়ালৈকে ঠিকেই আছে । কিন্তু আজিৰ দৰেই নিতৌ জগত চলিবনে নাই তাৰ অকণো সংশয়…
ইষাৰ কথা আজি ভুল প্ৰমাণিত হৈছে। কাৰণ সমগ্ৰ বিশ্ব নিয়ম-কানুন, শংকা, সংশয়, নিৰাপত্তা সকলো বিফল আৰু বিকল হ’ল।
নাগৰিক কমিটী, চৰকাৰ আৰু বিভিন্ন গোটৰ সিদ্ধান্তক আদৰণি জনাই মই ক’ব বিচাৰো যে লকডাউন পুনৰাই হওক। জনসংক্ৰমণ ২% মানলৈকে নামি আহক ।
ব্যক্তিৰেকে চৰকাৰৰ প্ৰতি আৰু এক অনুৰোধ যে অন্ততঃ এইবাৰ এক পষেক বন্ধ দিয়াৰ পূৰ্বে অফিচ-কাছাৰী, ক’ৰ্ট-আদালত ইত্যাদি সকলোবোৰ কাৰ্যালয়, বেংক, যোগাযোগ, ওচৰৰ জিলাৰ মাজত অহা-যোৱা নিত্যান্তই আৱশ্যকীয়। সেই বাবে পুৱা ৬ বজাৰ পৰা বিয়লি ৬ বজালৈকে এদিন বা দুদিনৰ কাৰণে খোলা দিয়া হওক ।
Covid-19 পৰাজয় হওক। জনগণ কুশলে থাকক ।
ড০ অমল কুমাৰ বৰপূজাৰী
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ