অসম লাইভ২৪ঃ এলাহবাদ উচ্চ ন্যায়ালয়ে দিছে বিশেষ ৰায়। লিভ-ইন ৰিলেশ্ব্যনচিপত থকা লোকসকলক উদ্দেশ্যিয়েই এলাহবাদ উচ্চ ন্যায়ালয়ে দিছে এই ৰায়। এলাহবাদ হাইকৰ্টে দিয়া ৰায়ত কৈছে যে লিভ ইন ৰিলেশ্ব্যনচিপেই যৌন অপৰাধৰ মূল। বিগত সপ্তাহত এলাহবাদ হাইকৰ্টে দিয়া আন এক ৰায়ত কৈছিল যে, মহিলা আৰু ছোৱালীয়ে লৰাক ফচাবলৈ কেইটামান উপায় অৱলম্বন কৰে।
নাৰী কেন্দ্ৰীক কেইবাটাও কথা উত্থাপন
এলাহাবাদ উচ্চ ন্যায়ালয়ে কয় যে আদালতত বৃহৎ সংখ্যক গোচৰ আহি আছে য’ত অভিযুক্তৰ সৈতে দীৰ্ঘম্যাদী শাৰীৰিক সম্পৰ্কত থকাৰ পিছত মিছা অভিযোগ উত্থাপন কৰি ছোৱালী আৰু মহিলাসকলে এজাহাৰ দাখিল কৰি অযথা সুবিধা লয়। এই সন্দৰ্ভত হাইকৰ্টে কয়, ‘সময় আহি পৰিছে, এনে জামিন আবেদনৰ ওপৰত বিবেচনা কৰোঁতে আদালত অতি সতৰ্ক হোৱা উচিত। আইন পুৰুষৰ পক্ষত আছে। আদালতত আহি পৰা এজাহাৰত বহু ভিত্তিহীন অভিযোগ উত্থাপন কৰিছে, এনে অভিযোগত কাকো দুখী সাব্যস্ত কৰিব নোৱাৰি।
আদালতে সামাজিক মাধ্যমৰ ওপৰতো মন্তব্য কৰিছে
ন্যায়ালয়ে লগতে জনাই যে, ছ’চিয়েল মিডিয়া, চলচ্চিত্ৰ, টিভি অনুষ্ঠান আদিৰ জৰিয়তে মুক্ত সংস্কৃতিৰ প্ৰচাৰ বাঢ়িছে। কিশোৰ, যুৱক, যুৱতী সকলোৱেই এইবোৰৰ প্ৰতি আকৰ্ষিত হৈছে। ন্যায়ালয়ে লগতে কয় যে, এই ধৰণৰ কথাক লৈ কিন্তু ভাৰতীয় পৰিয়ালসমূহ পূৰ্বে সাৱধান নহয়। পাছলৈ অপৰাধ হ’লেহে বিষয়টোৰ প্ৰতি তৎপৰ হৈ পৰে পৰিয়ালৰ লোক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ