অসম লাইভ ২৪ঃ গান শুনা অথবা, ভিডিঅ’ চোৱাৰ সময়ত হেডফোন ব্যৱহাৰ কৰাটো আমাৰ অভ্যাসে। হেডফোনবিহীন জীৱন এটা আজিৰ দিনত কল্পনাও কৰিব নোৱাৰি। কিন্তু এই অভ্যাসৰ ফলত আপোনাৰ-মোৰ অনেক ক্ষতিও হৈছে। বিভিন্ন গৱেষণাই প্ৰমাণ কৰিছে যে দীৰ্ঘসময় ধৰি হেডফোন ব্যৱহাৰ কৰিলে কাণৰ বিষ হোৱাৰ সম্ভাৱনা বেছি। ১০০ ডেচিবলৰ ওপৰত ১৫ মিনিট ধৰি গান শুনিলে বধিৰ হোৱাৰ সম্ভাৱনাও নুই কৰা নাই গৱেষকসকলে। মস্তিষ্কৰো ক্ষতি হয়। ব্লুটুথ হেডফোনৰ ক্ষতি আৰু বেছি। কাৰণ ব্লুটুথ হেডফোনত ইলেক্ট্ৰ’মেগনেটিক তৰংগৰ সৃষ্টি হয় আৰু এই তৰংগই মস্তিষ্কৰ অত্যন্ত ক্ষতি কৰে। সেয়ে হাই ভল্যুমত কেতিয়াও হেডফোন ব্যৱহাৰ নকৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ