অসম লাইভ ২৪ঃ ক্ৰয়সক্ষম প্ৰায় সকলো লোকৰে এখন গাড়ী কিনাৰ সপোন থাকে। সামর্থ অনুসৰি ৬-৭ লাখৰ পৰা ১০-১২ কোটি টকা পর্যন্ত বাজেটো থাকে। পিছে, ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে শেহতীয়াকৈ কিনা গাড়ীখনৰ মূল্য হ’ল ভাৰতীয় হিচাপত ৭৫ কোটি টকা। ৰ’নাল্ডয়ে ক্ৰয় কৰা Bugatti La Voiture Noire নামৰ গাড়ীখনৰ মূল্য ৭৫ কোটি টকা। নিমার্তাই সমগ্ৰ বিশ্বৰ গ্ৰাহকৰ বাবে Bugatti La Voiture Noire মাত্ৰ ১০খন নির্মাণ কৰিছে। ইয়াৰে এখনৰ গৰাকী হ’ল ফুটবল তাৰকাগৰাকী। ২০২১ত গাড়ীখন লাভ কৰিব ৰ’নাল্ডোৱে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















