ছিট নম্বৰ-11 A ৰ ‘হাই-ডিমাণ্ড’ কিয় আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পাছতেই যেন আকৌ সেই কথাই স্পষ্ট হৈছে৷ সঁচাকৈয়ে লাকী নেকি 11A..? আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পিছতে সকলোতকৈ চৰ্চিত বিষয় হৈছে ছিট নম্বৰ 11A । দুর্ঘটনাগ্ৰস্থ এয়াৰ এছিয়াৰ বিমানখনৰ এই বিশেষ ছিটটোৰ যাত্ৰী ৰমেশ কুমাৰ বিশ্বাসেই একমাত্ৰ জীৱিত ব্যক্তি৷ ঠিক একেদৰেই 11A ছিটত বহি ৰক্ষা পৰিছিল আন এগৰাকী ব্যক্তিৰ জীৱন৷ চন ১৯৯৮, থাই এয়াৰয়েজৰ বিমান দুৰ্ঘটনাত পতিত হৈছিল৷ এয়াৰ ইণ্ডিয়াৰ আহমেদাবাদৰ দৰেই সেই বিমানৰো সকলো ব্যক্তিৰ মৃত্যু হলেও বাচি গৈছিল 11Aছিটৰ যাত্ৰী থাই অভিনেতা ৰুয়াংশা৷
আহমেদাবাদৰ বিমান দুৰ্ঘটনাই সমগ্ৰ দেশৰ লগতে বিশ্ববাসীকে কঁপাই তুলিছে। লণ্ডনলৈ বুলি যাত্ৰা কৰাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমানখনত দুজন পাইলট আৰু ১০ জন কেবিন ক্ৰু মেম্বাৰসহ মুঠ ২৪২ জন লোক আছিল। সকলো নিঃশেষ হৈ গৈছিল এই দুৰ্ঘটনাত কিন্তু অলৌকিকভাৱে প্ৰাণ ৰক্ষা পৰিছিল ৰমেশ বিশ্বাসৰ। আসনৰ সৈতে বাহিৰলৈ চিটিক আহিছিল ৰমেশ বিশ্বাস।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















