১১ জুন ২০২৪ মঙলবাৰ হৈছে পঞ্জিকা অনুসৰি জেঠ মাহৰ শুক্লা পঞ্চমী তিথি৷ চন্দ্ৰই প্ৰথমে কৰ্কট ৰাশি আৰু তাৰপিছত সিংহ ৰাশিত গোচৰ কৰিব৷ জ্যোতিষ গণনা অনুসৰি আজি কেইবাটাও শুভ যোগো আছে৷ এই শুভ যোগসমূহ হৈছে সৰ্বাৰ্থ সিদ্ধি যোগ, ৰবি যোগ আৰু হৰ্ষণা যোগ৷ ইয়াৰ সৈতে আজি প্ৰথমে থাকিব অশ্লেষা আৰু মঘা নক্ষত্ৰৰ শুভ প্ৰভাৱ৷ জ্যোতিষ অনুসৰি মঙলবাৰ হৈছে বজৰংবলীৰ প্ৰিয় দিন৷ এইদিনটোত হনুমানৰ আৰাধনা কৰিলে সহজে তেওঁৰ কৃপা লাভ কৰা সম্ভৱ হয়৷ জেঠৰ শুক্লা পঞ্চমী তিথিত ইমানসমূহ শুভ যোগৰ প্ৰভাৱত সৌভাগ্য তুংগত থাকিব ৫ৰাশিৰ জাতকৰ৷ জানি থওক তালিকা৷
বৃষ ৰাশি
১১ জুন লাভজনক দিন হ’ব বৃষ ৰাশিৰ জাতকৰ৷ আজি নিজৰ সকলো খৰচ দূৰ হৈ কিছু সঞ্চয় কৰিব পাৰিব৷ মঙলৰ শুভ প্ৰভাৱত আত্মবিশ্বাস তুংগত থাকিব৷ নিজৰ ব্যক্তিগত আৰু পেছাগত জীৱনত কিছু -জৰুৰী সিদ্ধান্ত ল’ব পাৰে আপুনি৷ নিজৰ জীৱনত বেছ কিছু পজিটিভ পৰিবৰ্তন আহিব বৃষ ৰাশিৰ জাতকৰ৷
সিংহ ৰাশি
সৰ্বাৰ্থ সিদ্ধি যোগৰ শুভ প্ৰভাৱ থাকিব সিংহ ৰাশিৰ জাতকৰ ওপৰত৷ ধৰ্মীয় কামত আপোনাৰ মনোযোগ বাঢ়িব৷ আপুনি যি সিদ্ধান্ত ল’ব সেই সিদ্ধান্ত আপোনাৰ ভৱিষ্যতৰ বাবে লাভজনক হ’ব৷ বেছ কিছু অতিৰিক্ত অৰ্থ আপুনি উপাৰ্জন কৰিব পাৰে৷ নিজৰ কেৰিয়াৰত উন্নতি কৰিব পাৰিব সিংহ ৰাশিৰ জাতকে৷
তুলা ৰাশি
১১ জুন মঙলবাৰৰ দিনটো তুলা ৰাশিৰ জাতকৰ বাবে বিশেষ উপকাৰী হ’ব৷ আপোনাৰ মনত কোনো পুৰণি ইচ্ছা পূৰণ হ’ব পাৰে৷ ৰৈ থকা কাম সম্পূৰ্ণ কৰিব পাৰিব৷ পূৰ্বৰ কোনো বিনিয়োগৰ পৰা আৰ্থিকভাৱে লাভৱান হ’ব পাৰে৷ ইয়াৰ ফলত তুলা ৰাশিৰ জাতকৰ আৰ্থিক অৱস্থাৰ যথেষ্ট উন্নতি হ’ব৷
বৃশ্চিক ৰাশি
হৰ্ষণা যোগৰ শুভ প্ৰভাৱত নিজৰ পৰিয়ালৰ সকলো প্ৰয়োজন দূৰ কৰিবলৈ সক্ষম হ’ব৷ পূৰ্বে কৰোবাত বিনিয়োগ কৰি থলে সেই বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ন পাব পাৰে৷ আৰ্থিকভাৱে লাভৱান হ’ব বৃশ্চিক ৰাশিৰ জাতক৷ কোনো সমস্যাত ভূগি থাকিলে সেই সমস্যাৰ সমাধান বিচাৰি পাব৷ কোনো কামৰ দায়িত্বও লাভ কৰিব পাৰে৷
মকৰ ৰাশি
১১ জুন ২০২৪ত ৰবি যোগৰ প্ৰভাৱত ভাগ্য খুলিব মকৰ ৰাশিৰ জাতকৰ৷ আজিৰ দিনটো সুখেৰে কটাব এই ৰাশিৰ জাতকে৷ হঠাৎ অৰ্থলাভ কৰিব পাৰে৷ সামাজিক কাম কৰাৰ ফলত সমাজত মান সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি পাব মকৰ ৰাশিৰ জাতকৰ৷ কাইলৈ আপুনি সকলো কামতে সফলতা লাভ কৰিব পাৰে৷ আৰ্থিক পৰিস্থিতি উন্নত হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ