পুনৰ মাওবাদীৰ সৈতে ভাৰতীয় সেনাৰ সংঘৰ্ষ, ১২ নক্সাল নিহত, ২ জোৱান শ্বহীদ
ছত্তীশগড়ৰ বিজাপুৰত নিৰাপত্তা বাহিনীৰে সৈতে মাওবাদীৰ প্ৰচণ্ড সংঘৰ্ষ সংঘটিত হয়। ইয়াৰ ফলত ১২ জন নক্সালবাদী নিহত হয়। আনহাতে ২ গৰাকী সেনা জোৱানেও প্ৰাণ হেৰুৱাই শ্বহীদ হয়।
সম্প্ৰতি অঞ্চলটোত অনুসন্ধান অব্যাহত আছে। এই এনকাউণ্টাৰত কেৱল ২ জন জোৱান শ্বহীদ হোৱাই নহয়, ২ জন গুৰুতৰভাৱে আহত হয়। আহত জোৱানক হেলিকপ্টাৰেৰে ৰায়পুৰলৈ প্ৰেৰণ কৰা হৈছে।
জানিব পৰা মতে, আজি ৯ ফেব্ৰুৱাৰীৰ পুৱাৰে পৰা চলি আছিল গুলীচালনা। বৰ্তমান নক্সালবাদীক ঘেৰি ধৰিছে বিজাপুৰ ডি আৰ জি, এছ টি এফ আৰু বাষ্টাৰ ফাইটাৰৰ জোৱানে।
এই ক্ষেত্ৰত ডি আই জিয়ে কয় যে এইটো এটা ডাঙৰ অভিযান, এতিয়াও উদ্ধাৰ অভিযান অব্যাহত আছে। নক্সালবাদীৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি ব্যক্ত ডি আই জিৰ। তথ্য অনুসৰি নিহত নক্সালসকলৰ পৰা বহু স্বয়ংক্ৰিয় অস্ত্ৰ উদ্ধাৰ কৰিছে সেনা জোৱানে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ