১২ছেপ্টেম্বৰ শুকুৰবাৰৰ দিনটোত শুক্ৰ গ্ৰহই বহু শুভ যোগ তৈয়াৰ কৰিব৷ তিথিৰ কথা ক’বলৈ গলে এই দিনটোত আহিন মাহৰ কৃষ্ণপক্ষৰ পঞ্চমীৰ পাছত ষষ্ঠী তিথি পৰিছে৷ এইদিনটো চন্দ্ৰৰ গোচৰ মেষ আৰু বৃষ ৰাশিত চলিব৷ এই পৰিস্থিতিত চন্দ্ৰ আৰু শুক্ৰৰ মাজত ৰাশি পৰিবৰ্তনৰ যোগ হব কাৰণ শুক্ৰ চন্দ্ৰৰ ৰাশি বৃষ ৰাশিত বহি থাকিব৷ এই দিনটোত চন্দ্ৰই শশী যোগো তৈয়াৰ কৰিব৷ ভৰণীৰ পাছতেই কৃত্তিকা নক্ষত্ৰৰ কাৰণে ৰবি যোগৰ এটা শুভ সংযোগো আছে৷ ইয়াৰ বাবে দেৱী লক্ষ্মীৰ আশীৰ্বাদ আৰু শশী যোগৰ শুভ প্ৰভাৱ বৃষ, কৰ্কট, কন্যা, তুলা আৰু কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ আৰু কল্যাণকৰ হব৷
বৃষ ৰাশি
শুক্ৰবাৰ বৃষ ৰাশিৰ জাতকৰ বাবে লাভজনক হব৷ দিনৰ দ্বিতীয়াৰ্ধত আপুনি লাভৰ সুযোগ পাব পাৰে৷ যানবাহন আৰু গহনাৰ ব্যৱসায়ীয়ে আজি ভাল লাভ পাব৷ ভাগ্যই আপোনাৰ আৰাম বৃদ্ধিৰ ইংগিত দিছে৷ আপুনি নিজৰ বাবে কিছু ক্ৰয় বিক্ৰয় কৰিব পাৰে৷ কৰ্মক্ষেত্ৰত বিপৰীত লিংগৰ মানুহৰ সৈতে আপোনাৰ সমন্বয় বৰ্তাই ৰখা উচিত৷ ই আপোনাৰ উপকাৰ কৰিব৷ আপোনাৰ নক্ষত্ৰই কৈছে আপুনি উচ্চশিক্ষাত সাফল্য পাব৷ আপুনি আপোনাৰ পছন্দৰ খাদ্য গ্ৰহণ কৰাৰ সুযোগ পাব৷
কৰ্কট ৰাশি
চন্দ্ৰৰ গোচৰৰ কাৰণে কৰ্কট ৰাশিৰ জাতকৰ জাতিকাৰ বাবে এই দিনটো শুভ হব৷ আপুনি এনে কোনো উৎসৰ পৰা লাভৱান হব যি আপোনাৰ বাবে অপ্ৰত্যাশিত৷ আপুনি যদি চাকৰি পৰিবৰ্তনৰ চেষ্টা কৰিছে তেন্তে আপুনি ইয়াত লাভৱান হব পাৰে৷ পাৰিবাৰিক দিশো আপোনাৰ পক্ষে অনুকূল থাকিব৷ আৰ্থিক পৰিকল্পনা বাস্তবায়নত আপুনি সাফল্য পাব৷ দীৰ্ঘদিন ধৰি অপূৰ্ণ থকা আপোনাৰ যিকোনো ইচ্ছা পূৰণ হব পাৰে৷ আপুনি যানবাহনো ক্ৰয় কৰিব পাৰে৷ বন্ধুৰ পৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে সহায় পাব৷ আপোনাৰ প্ৰেম জীৱন খুবেই ৰোমাণ্টিক হব৷ আপুনি আপোনাৰ প্ৰেমিকৰ সৈতে কৰোবালৈ ডিনাৰ ডেটত যাব পাৰে৷
কন্যা ৰাশি
কন্যা ৰাশিৰ জাতকৰ বাবে বুদ্ধিমত্তা আৰু চতুৰতাৰ দিশৰ পৰা লাভজনক দিন হব৷ শিক্ষা আৰু প্ৰতিযোগিতাত সাফল্য পাব৷ যদি আপুনি কোনো নতুন কাম আৰম্ভ কৰে তেতিয়া ভাগ্যৰ পূৰ্ণ সমৰ্থন পাব৷ সন্ধিয়াৰ সময় ব্যৱসায়ীসকলৰ বাবে খুবেই উপকাৰী হব৷ ভাগ্যই আপোনাক প্ৰপাৰ্টি আৰু একাউণ্টৰ ক্ষেত্ৰত বিশেষভাৱে সফল কৰিব৷ আপুনি পিতৃৰ পৰা সহায় পাব৷ যদি কোনো গোচৰ চলি থাকে তেতিয়া আপোনাৰ অৱস্থান শক্তিশালী হব৷ চাকৰি আপোনাৰ বাবে অনুকূল থাকিব৷ আপুনি কৰ্মকৰ্তাসকলৰ পৰা পূৰ্ণ সহযোগিতা আৰু সহায়তা পাব৷ পাৰিবাৰিক ব্যৱসাও আপোনাৰ বাবে লাভজনক হব৷
তুলা ৰাশি
তুলা ৰাশিৰ জাতকৰ বাবে শুক্ৰবাৰে সুখ স্বাচ্ছন্দ্যৰ দিন আহিব৷ আপোনাৰ বাবে ভাল দিন হলে প্ৰতিপক্ষ আৰু শত্ৰুৱে আপোৱাৰ ওপৰত কৰ্তৃত্ব কৰিব নোৱাৰিব৷ আপুনি কৰ্মক্ষেত্ৰত দিনটো সুস্থভাৱে কটাব৷ আপোনাৰ কামৰ পৰিকল্পনা ফলপ্ৰসূ হব৷ আৰ্থিক ক্ষেত্ৰত আপুনি কৰোবাত লাভৱান হব৷ আপুনি চাকৰিৰ বাবে ইণ্টাৰভিউ দিবলৈ গলে তাতো সফল হব৷ পুৰণি পৰিচিতৰ পৰা সহায় পাব পাৰে৷ আপুনি কোনো আত্মীয়ৰ পৰা পৰোক্ষ সহায়তা পাব৷ আপুনি পিতৃৰ পৰাও সহায় পাব৷ বিবাহিত জীৱনত আপুনি সংগীৰ সহায় পাব৷
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতকে চাকৰি আৰু ব্যৱসায়ত ভাগ্যৰ সংগ পাব৷ আপুনি বন্ধুৰ সহায় পাব৷ যিসকলে অংশীদাৰিত্বৰ কাম কৰি আছে তেওঁলোকে লাভ পাব৷ যদি কৰোবাত ভুল বুজাবুজিৰ কাৰণে আপোনাৰ সম্পৰ্কত খেলিমেলি হৈ আছে সেই অভিযোগসমূহো সমাধান হব৷ আপোনাৰ নতুন সম্পৰ্ক তৈয়াৰৰ সম্ভাৱনা আছে৷ আপুনি ঘৰ নিৰ্মাণ আৰু চিকিৎসা ক্ষেত্ৰৰ সৈতে সম্পৰ্কিত কামত লাভৱান হোৱাৰ সুযোগ পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















