নব্বৈ দশক বুলি ক’লেই অসমৰ প্ৰবীণচাম ব্যক্তিৰ চকুৰ আগত ভাঁহি উঠে এখন ভয়াৱহ ছবি। আলফা বিচৰাৰ নামত অসমৰ নিৰীহ লোকৰ ওপৰত সেনা বাহিনীৰ অকথ্য নিৰ্যাতন, গুপ্তঘাতকৰ তাণ্ডৱ, ধাৰাবাহিক হত্যা-ধৰ্ষণ, মন্ত্ৰী-আমোলাৰ সীমাহীন দুৰ্নীতি-ভ্ৰষ্টাচাৰ আদিয়ে সৰ্বসাধাৰণৰ জীৱন দুৰ্বিসহ কৰি তুলিছিল। তাৰ লগে লগে বাৰম্বাৰ খৰ্ব হৈছিল বাক স্বাধীনতা আৰু গণতান্ত্ৰিক অধিকাৰ। হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ দিনত অতিষ্ঠ আৰু অসহায় হৈ পৰা অসমৰ জনসাধাৰণে এক সুস্থিৰ আৰু সুন্দৰ বাতাবৰণৰ আশাত প্ৰফুল্ল কুমাৰ নেতৃত্বাধীন অসম গণ পৰিষদৰ হাতত পুনৰ ক্ষমতা ভাৰ তুলি দিলেও জনসাধাৰণে পূৰ্বৰ সুস্থিৰ-সুন্দৰ দিনবোৰ ঘূৰাই নাপালে। দল আৰু আদৰ্শ পৃথক হ’লেও শইকীয়া আৰু মহন্তৰ চৰিত্ৰৰ মাজত থকা সাদৃশ্যটো হ’ল, তেওঁলোকৰ কাম-কাজত স্বৈৰতান্ত্ৰিক লক্ষণ ফুটি উঠিছিল। দুয়োজন মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ কোনো চোকা সমালোচনা সহিব নোৱাৰিছিল বাবেই অজিত কুমাৰ ভূঞা, পৰাগ কুমাৰ দাস, জিতুমণি বৰা আদি বহু প্ৰতিবাদী আৰু নিৰ্ভীক সাংবাদিকৰ ঠিকনা হৈ পৰিছিল পোতাশাল।
চৰকাৰৰ স্বৈৰতান্ত্ৰিক কাম-কাজৰ বিৰুদ্ধে সৰব হৈ পৰা বহু প্ৰতিবাদী কণ্ঠক ভয়-ভাবুকিৰে ৰুদ্ধ কৰা হৈছিল। জনসাধাৰণৰ পক্ষত থকা সংবাদ মাধ্যমক নাকী লগাবলৈ ৰচনা কৰিছিল বিভিন্ন কূট-কৌশল। উল্লেখ্য যে নব্বৈ দশকত হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ অগণতান্ত্ৰিক আৰু স্বৈৰতান্ত্ৰিক চৰিত্ৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ উঠিছিল সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠন। তৎকালীন আছুৰ নেতৃত্বত আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
সি যি নহওক, নতুন শতিকাটোত পোন্ধৰ বছৰ ধৰি একেৰাহে অসমত শাসন চলোৱা তৰুণ গগৈ চৰকাৰ জনসাধাৰণৰ আলোচনা-সমালোচনাৰ প্ৰতি তুলনামূলকভাবে সহনশীল আছিল। গগৈৰ শাসনৰ দিনত চৰকাৰক বিৰোধিতা কৰি কলম তুলি লোৱা কোনো সাংবাদিক পোতাশাললৈ যাব লগা নহৈছিল। তেওঁ প্ৰতিবাদী কণ্ঠক ভয়-ভাবুকিৰে স্তব্ধ কৰাতকৈ বিভিন্ন প্ৰলোভনেৰে স্তব্ধ কৰাটোত বেছি গুৰুত্ব দিছিল বাবে তেওঁৰ দিনত বাক স্বাধীনতা খৰ্ব হোৱাৰ অভিযোগো উঠা নাছিল। গগৈ চৰকাৰে জনসাধাৰণৰ বাক স্বাধীনতাত শইকীয়া-মহন্তৰ দৰে হস্তক্ষেপ নকৰা বাবেও দীৰ্ঘ সময় ধৰি শাসনত অধিষ্ঠিত হোৱাৰ সুযোগ পাইছিল।
আচৰিত কথা যে এসময়ত বাক স্বাধীনতা ৰক্ষাৰ বাবে মাত মতা সৰ্বানন্দ সোণোৱালৰ শাসনকালত বাৰে বাৰে খৰ্ব হৈছে বাক স্বাধীনতা। ইটোৰ পাছত সিটো জাতিবিৰোধী আৰু জনবিৰোধী কাৰ্যকলাপত লিপ্ত হোৱা সোণোৱাল চৰকাৰখনে জনসাধাৰণৰ কোনো সমালোচনাই শুনিব নিবিচাৰে। তেওঁৰ শাসন কালত বেছিভাগ সংবাদ প্ৰতিষ্ঠানেই চৰকাৰৰ উচ্ছিষ্টভোজীলৈ পৰিণত হ’লেও ফে’চবুক, হোৱাটছ এপ আদি বিকল্প গণ মাধ্যমত চৰকাৰৰ হঠকাৰী আৰু অদূৰদৰ্শী কাম-কাজক বহুতেই চোকা ভাষাৰে সমালোচনা কৰিবলৈ ল’লে। তাৰ লগে লগে অসমৰ মানুহে পাহৰিবলৈ ধৰা বাক স্বাধীনতা, ৰাষ্ট্ৰ সন্ত্ৰাস আদি শব্দবোৰ পুনৰ উচ্চাৰণ কৰাৰ পৰিৱেশো সৃষ্টি হ’ল। তথাকথিত ‘জাতীয় নায়ক’ৰ শাসনৰ দিনত অসমৰ পৰিস্থিতি এনেকুৱা হৈছে যে শাসকপক্ষৰ উচ্ছিষ্টভোজন কৰা কোনো লোকে বিৰোধী বা প্ৰতিবাদী পক্ষক অভিধান আৰু সংবিধান বৰ্হিভূত শব্দৰ সহায়ত যিমানেই গালি-গালাজ নকৰক, যিমানেই সামাজিক পৰিৱেশ কলুষিত নকৰক; তেওঁৰ বিৰুদ্ধে আইন বা প্ৰশাসনে একো ব্যৱস্থা গ্ৰহণ নকৰে; কিন্তু কোনোবাই শাসকপক্ষক প্ৰশ্ন কৰি লিখা কবিতা এটা আবৃত্তি কৰিলেও তেওঁৰ ঠিকনা হৈ পৰিব অন্ধকাৰ পোতাশাল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ