মহিলাসকলৰ বাবে বিনিয়োগৰ সুন্দৰ বিকল্প- ৫ আঁচনিৰ জৰিয়তে বৃহৎ লাভৰ সুবিধা
মহিলাসকলে কাম কৰি হওক বা নহওক, সঞ্চয়ৰ অভ্যাস সকলোৰে মাজত দেখা যায়। কিন্তু এই সঞ্চয় যদি ক’ৰবাত বিনিয়োগ কৰা হয়, তেন্তে ই অধিক পৰিমাণৰ ধন উপাৰ্জনত সহায় কৰিব পাৰে। ২০২৫ চনত মহিলাসকলৰ বাবে ৫টা বিনিয়োগৰ বিকল্প হ’ব পাৰে অতিকে ভাল।
অতীজৰে পৰা মহিলাসকলে সোণত বিনিয়োগ কৰি আহিছে। যোৱা কেইবছৰমানৰ পৰা সোণৰ দাম যিদৰে বৃদ্ধি পাইছে, সেইদৰে ধৰি ল’ব পাৰি যে ভৱিষ্যতে সোণে অতি ভাল ৰিটাৰ্ণ দিব পাৰিব। আজিৰ সময়ত কেৱল ভৌতিক সোণত বিনিয়োগ কৰাটো প্ৰয়োজনীয় নহয়, ডিজিটেল সোণ আৰু সোণৰ ইটিএফৰ দৰেও বহু বিকল্পৰ জৰিয়তে বিনিয়োগ কৰি লাভ অৰ্জন কৰিব পাৰি।
ইচ্ছা কৰিলে এছ আই পিৰ জৰিয়তে মিউচুৱেল ফাণ্ডত ধন বিনিয়োগ কৰিব পাৰিব। মাত্ৰ ৫০০ টকাৰে এই আঁচনিখনত বিনিয়োগ আৰম্ভ কৰিব পাৰিব আৰু সৰ্বোচ্চ সীমা নাই। বজাৰ সংযুক্ত আঁচনি হোৱাৰ পিছতো এছ আই পিয়ে অতি ভাল ৰিটাৰ্ণ দিয়ে।
যদি আপোনাৰ হাতত গোটে গোটে কিছু ধন আছে আৰু আপুনি দীৰ্ঘদিন ধৰি ক’তো বিনিয়োগ কৰিব নিবিচাৰে, তেন্তে মহিলা সন্মান সঞ্চয় আঁচনিত বিনিয়োগ কৰিব পাৰিব। বিশেষকৈ মহিলাসকলৰ বাবে চৰকাৰে এই আঁচনি চলায়। ইয়াত আপোনাৰ ধন ২ বছৰৰ বাবে জমা কৰা হয়। ইয়াৰ ওপৰত ৭.৫ শতাংশ হাৰত সুত দিয়া হয়।
ঋণৰ পুঁজি আচলতে মিউচুৱেল ফাণ্ড, যিয়ে অতি কম ৰিস্ক থকা এফ ডিতকৈ অধিক ৰিটাৰ্ণ দিয়ে। ঋণৰ পুঁজিত বিনিয়োগকাৰীৰ পৰা লোৱা ধন ফিক্সড ইনকামৰ ছিকিউৰিটি যেনে বণ্ড, চৰকাৰী ছিকিউৰিটি, ট্ৰেজাৰী বিল আৰু নন কনভাৰ্টিবল ডিবেঞ্চাৰ আদিত বিনিয়োগ কৰা হয়। ইয়াত যেতিয়াই মন যায় তেতিয়াই টকা উলিয়াব পাৰিব। সাধাৰণতে ঋণৰ পুঁজিৰ ম্যাদ উকলি যোৱাৰ তাৰিখ নিৰ্দিষ্ট থাকে। এফ ডিতকৈ ঋণৰ ধনত আপুনি ভাল ৰিটাৰ্ণ পাব পাৰে।
আপুনিও নিজৰ বাবে LIC Policy কিনিব পাৰে। এল আই চিত এনে বহু আঁচনি বিশেষকৈ মহিলাৰ বাবে পৰিচালিত হয়। সাধাৰণতে এল আই চি পলিচীৰ ম্যাদ ৮ বছৰ বা তাতকৈ অধিক। এনে পৰিস্থিতিত আপুনি এই পলিচি ক্ৰয় কৰি দীৰ্ঘম্যাদী পৰিকল্পনা কৰিব পাৰে আৰু আপোনাৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ