দীপাৱলীত লক্ষ্মীক আগবঢ়াওক এই কেইবিধ সামগ্ৰী, প্ৰচুৰ আশীৰ্বাদ পাব আপুনি
সনাতন ধৰ্মত দীপাৱলী অতিকে গুৰুত্বপূৰ্ণ উৎসৱ। এই উৎসৱ সমগ্ৰ দেশৰ প্ৰতিটো কোনতে উদযাপন কৰা হয়। প্ৰতিটো ধৰ্ম বিশেষ লোক সকলেও এই উৎসৱ উদযাপন কৰা দেখা যায়।
এই দিনটোত বহু ঠাইত মা লক্ষ্মী আৰু গণেশৰ একেলগে পূজা কৰা হয়। লগতে কোনো কোনো ঠাইত কুবেৰৰো পূজা কৰা হয়।
প্ৰতি বছৰে কাতি মাহৰ কৃষ্ণ পক্ষৰ অমাৱশ্যা তিথিত এই উৎসৱ তথা দীপাৱলী উদযাপন কৰা হয়। সকলো এন্ধাৰ বিনাশী পোহৰ আনিবলৈ সকলো লোকেই এই দিনটোত চাকি বা বিভিন্ন লাইটোৰে পোহৰাই তোলে নিজ নিজ ঘৰ দুৱাৰ আদি।
এইবাৰ ২০২৪ চনত এই দীপাৱলী উৎসৱ পৰিছে ৩১ অক্টোবৰ তাৰিখ বৃহস্পতিবাৰে। এই দিনটোত ঘৰে ঘৰে পূজা পাঠ কৰাৰ লগেত ভগবৱানলৈ প্ৰসাদ আগবঢ়োৱা হয়। ৰংগোলী আদিয়ো বনোৱা হয়। দেৱী লক্ষ্মীলৈ বুলি এই দিনটোত ফুল-ফল, ধূপ, চাউল, হালধী, সেন্দুৰ, মিঠাই আৰপ নাৰিকল আদি আগবঢ়াব লাগে।
কোৱা হয় যে, মা লক্ষ্মীৰ বগা অথবা গোলপীয়া ফুল অতিকে প্ৰিয়। সেয়ে পূজাৰ সময়ত মা লক্ষ্মীক এই দুয়োবিধ ৰঙৰ ফুল আগবঢ়াব লাগে।
দেৱী লক্ষ্মীৰ মুৰ্তি অথবা ফটোৰ সমুখত মুদ্ৰা আৰু চাউল থব লাগে। পূজাৰ অন্তত মা লক্ষ্মীৰ সমুখত পান-তামোল আৰু মিঠাই থব লাগে। লগতে পায়স, লাড়ু অথৱা হালৱা আদিৰ দৰে মিঠা খাদ্য ৰাখিব লাগে।
অন্য চাকিৰ লগতে এই দিনটোত দেৱী লক্ষ্মীৰ সমুখত ঘিউৰ চাকি জ্বলাব লাগে। ঘৰৰ মুখ্যদ্বাৰৰ সমুখতো চাকি জ্বলাব লাগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ