১১ জুলাই ২০২৪ৰ বৃহস্পতিবাৰে চন্দ্ৰই সূৰ্যৰ ৰাশি সিংহ ত্যাগ কৰি বুধৰ ৰাশি কন্যাত গোচৰ কৰিব৷ আগন্তুক আহাৰত শুক্লা ষষ্ঠী তিথি৷ হিন্দুধৰ্ম অনুসৰি বৃহস্পতিবাৰ হৈছে শ্ৰীবিষ্ণুৰ প্ৰিয় দিন৷ এই দিনটোত তেওঁক আৰাধনা কৰিলে নাৰায়ণৰ আশীৰ্বাদ লাভ কৰিব পাৰি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব গজকেশৰী যোগ আৰু ৰবি যোগৰ শুভ প্ৰভাৱ৷ ইয়াৰোপৰি কাইলৈ থাকিব পূৰ্বফাল্গুনী নক্ষত্ৰ৷ এই সকলো শুভ যোগৰ প্ৰভাৱত কাইলৈৰ দিনটো বিশেষ মাহাত্ম্যপূ্ৰ্ণ হ’ব৷ জ্যোতিষ গণনা অনুসৰি পাঁচ ৰাশিৰ জাতকে প্ৰচুৰ সুখ সাফল্য লাভ কৰিব পাৰিব৷ এই পাঁচ ৰাশিৰ জাতকে কাইলৈ সকলো কামতে সহায় লাভ কৰিব৷ জানি থওক কাইলৈ কোন কোন ৰাশিৰ জাতক ভাগ্যবান হ’ব?
বৃষ ৰাশি
বৃষ ৰাশিৰ জাতকে কাইলৈ দিনটো আনন্দৰে কটাব৷ কাইলৈ আপুনি নিজৰ কোনো ডাঙৰ লক্ষ্য অৰ্জন কৰিব পাৰিব৷ অন্যক নিজৰ কথা সহজেই মনাব পাৰিব আপুনি৷ নিজৰ সকলো কাম আপুনি সম্পূৰ্ণ কৰিব পাৰিব৷ অতিৰিক্ত পৰিশ্ৰম কৰিলে তাৰ ফল আপুনি নিশ্চয় পাব৷ কাইলৈ কাৰ্যালয়ত প্ৰমোচন পোৱাৰ সম্ভাৱনা আছে৷ ব্যৱসায়ত বৃহৎ লাভ হ’ব আপোনাৰ৷
কৰ্কট ৰাশি
কাইলৈ দিনটো কৰ্কট ৰাশিৰ জাতকৰ বাবে লাভজনক হ’ব৷ কাইলৈ সকলো কামতেই ভাগ্যই আপোনাৰ লগ দিব৷ মনৰ সকলো ইচ্ছা পূৰণ কৰিব পাৰিব আপুনি৷ কাইলৈ কৰ্কট ৰাশিৰ জাতকৰ ব্যক্তিত্ব অত্যন্ত আকৰ্ষণীয় হৈ উঠিব৷ সমাজৰ কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে আপোনাৰ আলাপ হ’ব৷ আদালতত ৰৈ থকা কোনো গোচৰৰ পৰা আপুনি ৰেহাই পাব৷
তুলা ৰাশি
কাইলৈ গজকেশৰী যোগৰ প্ৰভাৱত শুভ ফল লাভ কৰিব তুলা ৰাশিৰ জাতকে৷ কাইলৈ আপুনি অতিৰিক্ত উপাৰ্জন কৰিব পাৰে৷ অন্যৰ পৰা সহায় পাব৷ নাৰায়ণৰ আশীৰ্বাদত সমাজত খ্যাতি আৰু প্ৰতিপত্তি বাঢ়িব তুলা ৰাশিৰ জাতকৰ৷ ব্যৱসায়ত কাইলৈ আৰ্থিক লাভ হ’ব৷ চৰকাৰী প্ৰকল্পৰ পৰা আপুনি লাভ কৰিব পাৰে৷ অসম্পূৰ্ণ কাম কাইলৈ সম্পূৰ্ণ কৰিব পাৰিব৷
মকৰ ৰাশি
পূৰ্বফাল্গুনী নক্ষত্ৰৰ প্ৰভাৱত কোন আত্মীয় বা প্ৰতিবেশীৰ পৰা খুব ভাল খবৰ পাব মকৰ ৰাশিৰ জাতকে৷ ইয়াৰ ফলত আপোনাৰ মনৰ সকলো ইচ্ছা পূৰণ হ’ব৷ বিৰোধীয়ে আপোনাক বিপদত পেলাবলৈ নানান ষড়যন্ত্ৰ কৰিব পাৰে৷ শত্ৰুসকলে এই চেষ্টা কৰোতে তেওঁলোকহে ব্যৰ্থ হ’ব৷ কাইলৈ সকলো কামতেই জয়ী হ’ব মকৰ ৰাশিৰ জাতক৷
মীন ৰাশি
কাইলৈ কোনো সামাজিক কামত সক্ৰিয়ভাৱে অংশ ল’ব পাৰে মীন ৰাশিৰ জাতক৷ ইয়াৰ ফলত সমাজত আপোনাৰ জনপ্ৰিয়তা আৰু প্ৰতিপত্তি বাঢ়িব৷ কাইলৈ শ্ৰীবিষ্ণুৰ আশীৰ্বাদত আত্মবিশ্বাস তুংগত থাকিব মীন ৰাশিৰ জাতক৷ পাৰ্টনাৰৰ সৈতে কোনো বিষয়ত ভুল বুজাবুজি থাকিলে সকলো সমস্যা দূৰ হ’ব৷ কাইলৈ বন্ধুৰ সৈতে কোনো সুন্দৰ স্থানলৈ ফুৰিবলৈ যাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















