অসম লাইভ ২৪ঃ দূৰদৰ্শনৰ জনপ্ৰিয় ধাৰাবাহিক ‘তাৰক মেহতা কা ওল্টা চচমা’ত ববীতা জীৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী মুনমুন দত্ত এতিয়া সোমাই পৰিছে বিবাদত। ইনষ্টাগ্ৰামৰ এটা ভিডিঅ’ত আপত্তিজনক কথা কোৱাৰ বাবেই জামিন বিহীন গোচৰ ৰুজু হৈছে মুনমুন দত্তৰ বিৰুদ্ধে। ভাৰতীয় দণ্ডবিধি আইনৰ 153(a),295(a)ৰ ধাৰা 3(1)(r), 3(1)(s), 3(1)(u)ত ববীতা জীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। ভিডিঅ’টোত অনুসূচিত জাতিৰ বিৰুদ্ধে নক’বলগীয়া কথা কৈছিল মুনমুন দত্তই। যাৰ বাবে ১১ মে’ত ঝাসীৰ আৰক্ষী চকীত গোচৰ ৰুজু হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ