অসম লাইভ ২৪ঃ বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ ড০ লক্ষ্মীনন্দন বৰাৰ দেহাৱসান। অসমীয়া সাহিত্যৰ অন্যতম কাণ্ডাৰী, পদ্মশ্ৰী, সাহিত্য অকাডেমি বঁটাপ্ৰাপ্ত লক্ষ্মীনন্দন বৰাই আজি পুৱা শেষ নিঃশ্বাস ত্যাগ কৰে। কোভিডত আক্ৰান্ত হৈ মহানগৰীৰ এক্সেল কেয়াৰ হাস্পতালত দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল তেওঁ। মৃত্যুৰ সময়ত যশস্বী সাহিত্যিকগৰাকীৰ বয়স হৈছিল ৮৮ বছৰ।
১৯৩২ চনৰ ১ মাৰ্চত নগাঁৱত জন্মলাভ কৰিছিল ড০ লক্ষ্মীনন্দন বৰাই। নগাঁৱত স্কুলীয়া শিক্ষা সাং কৰি কটন কলেজৰ পৰা স্নাতক আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।
শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰে লক্ষ্মীনন্দন বৰাই অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। ৰামধেনুৰ পাতত গল্পৰে সাহিত্যৰ জগতত আত্মপ্ৰকাশ কৰিছিল লক্ষ্মীনন্দন বৰাই। ১২ খনকৈ গল্প সংকলন, ২৫ খনতকৈ অধিক উপন্যাসেৰে সমৃদ্ধ কৰি থৈ গৈছে অসমীয়া ভাষা-সাহিত্য। ১৯৮৮ চনত ‘পাতাল ভৈৰৱী’ উপন্যাসৰ বাবে লাভ কৰিছিল সাহিত্য অকাডেমি বঁটা। ১৯৯৪ চনত ড০ বৰাই অসম সাহিত্য সভাৰ সভাপতি পদো অলংকৃত কৰিছিল। দীৰ্ঘদিন ধৰি গৰীয়সী আলোচনীৰ সম্পাদক আছিল ড০ বৰা। আনহাতে তেওঁ ২০০৪ চনত অসম উপত্যকা বঁটা, ২০১৫ চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল। এই গৰাকী বৰেণ্য সাহিত্যিকগৰাকীৰ মৃত্যুত ৰাজ্যজুৰি পৰিছে শোঁকৰ ছাঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও গণ্য-মান্য লোকে কৰিছে শোক প্ৰকাশ। আনহাতে ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব ড০ লক্ষ্মীনন্দন বৰাক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ