অসম লাইভ ২৪ঃ আজিৰে পৰা ৰাজ্যত কাৰ্যকৰী হ’ব কোভিডৰ নতুন SOP। এসপ্তাহৰ বাবে বলৱৎ হ’ব এইসমূহ কোভিড বিধি। শুকুৰবাবে এক সংবাদমেলযোগে এই কথা ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। গুৱাহাটী মহানগৰীত পূৰ্বতকৈ কিছু শিথিল কৰা হৈছে কোভিড বিধি। ৪ বজালৈকে খোলা থাকিব ব্যৱসায়িক প্ৰতিষ্ঠান। কামৰূপ মেট্ৰ’ত সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব সান্ধ্য আইন। ৰাজ্যৰ ৪ খন জিলাত সম্পূৰ্ণ কণ্টেইমনেণ্ট জ’ন ঘোষণা। বিশ্বনাথ, মৰিগাঁও, গোলাঘাটৰ বোকাখাত মহকুমা আৰু গোৱালপাৰা জিলা কণ্টেইনমেণ্ট জ’ন ঘোষণা। বাকী জিলাসমূহত পূৰ্বৰ দৰেই থাকিব কোভিড বিধি। অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব আন্তঃজিলা যাতায়াত। উল্লেখ্য, ৰাজ্যত ২৪৭ টা ক’ৰোনাৰ হটস্পট চিনাক্ত কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ