অসম লাইভ ২৪ঃ চিনেমা নহয়, ৰিয়েল ঘটনা। মাত্ৰ ৩০০ টকা আছিল হাতত। তাকে লৈ বজাৰ কৰিবলৈ গৈছিল মানুহজন। আলু,দালি,পিঁয়াজ,জলকীয়াৰ দীঘলীয়া তালিকা।
এসপ্তাহৰ বাবে শাক-পাচলি, গেলামালৰ প্ৰয়োজনীয় সামগ্ৰীৰ বাবে হয়তো পৰ্যাপ্ত নহয় ৩শ টকা। নহ’লেওতো উপায় নাই। আনিবতো লাগিবই। পিছে, কথাতে কয় নহয় বোলো ঈশ্বৰে যাক দিয়ে তাক দুহাত খুলি দিয়ে।
কেৰালাৰ আয়মানমেৰ কুদয়পাদিৰ বাসিন্দা সদানন্দ নামৰ লোকজনৰ বেলিকাও এনে অলৌকিক ঘটনা এটি সংঘটিত হ’ল। পেছাত চিত্ৰশিল্পী সদানন্দই ক্ৰয় কৰিছিল লটাৰী। বাম্পাৰ লটাৰীৰ প্ৰথম ১২ কোটিৰ পুষ্কাৰ লাভ কৰা খবৰটো বজাৰৰ পৰা ওলটি আহোতে পায় শিল্পীগৰাকীয়ে।
এনেদৰে সদানন্দ হঠাতে কোটিপতি হোৱা খবৰটো ভাইৰেল হৈছে এতিয়া কেৰালাত। সদানন্দ কোটিপতি হ’ল সঁচা। কিন্তু এনেদৰে লটাৰী টিকটৰ মায়াজালত পৰি মাটি-ভেটি হেৰুওৱা লোকৰো অভাৱ নাই এই দেশত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















