• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিজা কাৰ্যকালৰ খতিয়ান! মুখ্যমন্ত্ৰীয়ে অসম বাৰ্তাত লিখিলে এই গুৰুত্বপূৰ্ণ লেখা

নিজা কাৰ্যকালৰ খতিয়ান! মুখ্যমন্ত্ৰীয়ে অসম বাৰ্তাত লিখিলে এই গুৰুত্বপূৰ্ণ লেখা

4 years ago
গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

2 minutes ago
বাঢ়িছে ভয়ংকৰ হাণ্টা ভাইৰাছৰ সংক্ৰমণ, হাণ্টা ভাইৰাছ কি? কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?

বাঢ়িছে ভয়ংকৰ হাণ্টা ভাইৰাছৰ সংক্ৰমণ, হাণ্টা ভাইৰাছ কি? কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?

42 minutes ago
সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

1 hour ago
সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা

সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা

2 hours ago
শৰীৰত শক্তি বঢ়োৱাৰ পৰা কিডনি ষ্ট’নৰ সমস্যা দূৰ কৰালৈকে! প্ৰতিদিনে এগিলাচকৈ খাওক এই জুছ, দূৰ হ’ব শৰীৰৰ ৫ সমস্যা

শৰীৰত শক্তি বঢ়োৱাৰ পৰা কিডনি ষ্ট’নৰ সমস্যা দূৰ কৰালৈকে! প্ৰতিদিনে এগিলাচকৈ খাওক এই জুছ, দূৰ হ’ব শৰীৰৰ ৫ সমস্যা

2 hours ago
শৰীৰত এই ৬ সমস্যা আছে নেকি? দৈনিক কণী খালেই সমাধান হ’ব এইকেইটা সমস্যা

শৰীৰত এই ৬ সমস্যা আছে নেকি? দৈনিক কণী খালেই সমাধান হ’ব এইকেইটা সমস্যা

3 hours ago
শুক্ৰই মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব, ১০ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

শুক্ৰই মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব, ১০ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

3 hours ago
আজিৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, মা লক্ষ্মীয়ে কৃপা কৰিব কোন কোন ৰাশিক?

আজিৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, মা লক্ষ্মীয়ে কৃপা কৰিব কোন কোন ৰাশিক?

4 hours ago
সোমবাৰে ৰাশি সলনি কৰিব মঙ্গলে, মঙ্গলৰ ৰাশি সলনিয়ে বিপদ মাতি আনিব এই ৫ৰাশিৰ জীৱনলৈ

সোমবাৰে ৰাশি সলনি কৰিব মঙ্গলে, মঙ্গলৰ ৰাশি সলনিয়ে বিপদ মাতি আনিব এই ৫ৰাশিৰ জীৱনলৈ

4 hours ago
মাজ আকাশত ফ্লাইটত মহুৱা মৈত্ৰৰ সৈতে দুৰ্ব্যৱহাৰ, চাওক এই ভিডিঅ’, কি হৈছে মহুৱাৰ সৈতে?

মাজ আকাশত ফ্লাইটত মহুৱা মৈত্ৰৰ সৈতে দুৰ্ব্যৱহাৰ, চাওক এই ভিডিঅ’, কি হৈছে মহুৱাৰ সৈতে?

5 hours ago
অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট

অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট

14 hours ago
কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক

কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নিজা কাৰ্যকালৰ খতিয়ান! মুখ্যমন্ত্ৰীয়ে অসম বাৰ্তাত লিখিলে এই গুৰুত্বপূৰ্ণ লেখা

editor by editor
November 5, 2022
in অসম, গুৱাহাটী, ৰাজনীতি, লেখা
0
নিজা কাৰ্যকালৰ খতিয়ান! মুখ্যমন্ত্ৰীয়ে অসম বাৰ্তাত লিখিলে এই গুৰুত্বপূৰ্ণ লেখা
0
SHARES
148
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম বাৰ্তাত অসমৰ উন্নয়নৰ দিশটোৰ কথা পৰ্যালোচনা কৰি লিখিছে বিশেষ লেখা, তেওঁৰ কাৰ্যকালত হোৱা উন্নয়নৰ সবিশেষ তথ্য দাঙি ধৰিছে অসম বাৰ্তাত। মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে, ‘দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ আশিস শিৰত লৈ আমি অক্টোবৰ মাহৰ কৰ্মসূচীখনৰ আৰম্ভণি কৰোঁ৷ ক’ভিড সংক্ৰান্তীয় বাধা-নিষেধ নথকাকৈ উদযাপন কৰা এইবাৰৰ শাৰদীয় উৎসৱটি আমাৰ সকলোৰে বাবে বিশেষ আছিল৷ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি কেন্দ্ৰৰ দৃষ্টিভংগীক পুনৰ এবাৰ সুস্পষ্ট কৰি বহু ইতিবাচক বাৰ্তাৰে ৰাজ্যখনৰ ভ্ৰমণলৈ আহিল দেশৰ মাননীয় গৃহমন্ত্ৰী শ্ৰীঅমিত শ্বাহ ডাঙৰীয়া৷ তেখেতৰ বাৰ্তা স্পষ্ট আছিল, পাঁচ বছৰৰ ভিতৰত অসমক বানমুক্ত কৰা, প্ৰাৰম্ভিক শিক্ষাৰ ক্ষেত্ৰত মাতৃভাষা মাধ্যমৰ ব্যৱহাৰ কৰা, দেশৰ অৰ্থনীতি আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে ‘ক’লাধন’ আৰু ‘মাফিয়া চক্ৰ’ উৎখাত কৰা, ইত্যাদি৷

উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক তেখেতে কয় যে ড্ৰাগছ সৰবৰাহ এনে এক অপৰাধ যিয়ে কোনো আন্তঃৰাজ্যিক সীমা নামানে৷ সেয়ে তেখেতে আমাক সীমান্তৱৰ্তী জিলাসমূহত ড্ৰাগছ নিয়ামক আৰু আইন প্ৰৱৰ্তনকাৰী সংস্থাসমূহৰ সৈতে চোৰাংচোৱা সংস্থাসমূহৰ মাজত এক সঠিক সমন্বয় ৰক্ষা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে৷ নিৰ্ণায়ক সিদ্ধান্ত ল’বলৈ কোনো দ্বিধাবোধ নকৰা গৃহমন্ত্ৰী ডাঙৰীয়াৰ পৰা আমাৰ যথেষ্ট শিকিবলগীয়া আছে৷

তেখেতে এই বৈঠকত অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ বিষয়েও উত্তৰ-পূবৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালসকলৰ সৈতে আলোচনা কৰে৷ ইয়াৰ পৰাই অনুধাৱন কৰিব পাৰি যে অঞ্চলটোৰ প্ৰগতিক লৈ তেখেত প্ৰতিমুহূৰ্ততে তৎপৰ হৈ থাকে আৰু মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়ায়ো কাৰ্যভাৰ গ্ৰহণ কৰাৰ পৰাই অঞ্চলটোৰ উন্নয়নক অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে৷

উল্লিখিত উদ্দেশ্যক সাৰোগত কৰি নতুন দিল্লীত অনুষ্ঠিত ইউএছআইএছপি ফ’ৰামত মোৰ ভাষণ প্ৰসংগত ভৌগোলিক, প্ৰাকৃতিক সম্পদ, উদ্ভিদ আৰু প্ৰাণী আদি আমাৰ অন্তৰ্নিহিত সামৰ্থ্যক প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পথ নিৰ্দেশনাৰে এক নীতিবদ্ধৰূপত আগুৱাই নিয়াৰ বিষয়ে উল্লেখ কৰোঁ৷ যাৰবাবে আজি অসমত সম্ভাৱনাৰ অসংখ্য দুৱাৰ মুকলি হৈছে৷ তিনিটা ইংৰাজী বৰ্ণমালাৰ T: tea, trade & tourism (চাহ, বাণিজ্য আৰু পৰ্যটন)-এ ব্যৱসায়ৰ এক বিশাল সম্ভাৱনা প্ৰদান কৰিছে আৰু লগতে আমি বিনিয়োগৰ এক শক্তিশালী পৰিৱেশ সৃষ্টি কৰাৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ৷ মই নিশ্চিত যে অসম আজি বিনিয়োগকাৰীসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ বিভিন্ন ক্ষেত্ৰত দেশ তথা বিশ্বৰ আগশাৰীৰ কৰ্প’ৰেটসমূহৰ সৈতে হোৱা বুজাবুজি চুক্তিয়ে মোৰ এই ভাষণত আত্মবিশ্বাস প্ৰদান কৰিছিল৷ এই বুজাবুজি চুক্তিসমূহে অসমৰ উন্নয়নৰ ক্ষেত্ৰত অৰিহণা আগবঢ়োৱাৰ লগতে আমাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কোৱাৰ দৰেই ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলক ‘বিকাশৰ নতুন ইঞ্জিন’লৈ ৰূপান্তৰিত কৰিব৷

মোৰ এই দাবীৰ সমৰ্থনত মই আপোনাসৱক জনাবলৈ পাই আনন্দিত অনুভৱ কৰিছোঁ যে যোৱা ৫ অক্টোবৰত প্ৰাক-ক’ভিড পৰিসংখ্যা অতিক্ৰম কৰি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ১৩২খন বিমান চলাচল কৰে আৰু ১৭,৫৯১গৰাকী যাত্ৰীয়ে পদাৰ্পণ কৰে৷ এয়াই ইংগিত যে আমি স্বাভাৱিক অৱস্থালৈ প্ৰত্যাৱৰ্তন কৰিছোঁ আৰু কৃষিৰ লগতে উৎপাদন আৰু সেৱা খণ্ডৰ সমাহাৰেৰে অসমৰ অৰ্থনীতিক এক নতুন শিখৰলৈ লৈ যাবলৈ সাজু হৈ পৰিছোঁ৷

পোহৰৰ উৎসৱ দীপান্বিতাৰ প্ৰাকমুহূৰ্তত আমি অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰোঁ৷ পৰীক্ষাৰ পৰা ফলাফল ঘোষণালৈকে সম্পূৰ্ণ প্ৰক্ৰিয়াটো সুচাৰুৰূপে সম্পাদন কৰা হয়৷ মই এইক্ষেত্ৰত অহৰহ কষ্ট কৰি থকাসকলক অভিনন্দন জনাইছোঁ৷ মই উল্লেখ কৰিবলৈ বিচাৰিম যে এই প্ৰক্ৰিয়াটো হৈছে আমাৰ দুৰ্নীতিমুক্ত আৰু নিকা নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ হকে হাতত লোৱা অন্য এক প্ৰচেষ্টা৷

আৰক্ষী বিভাগৰ অভিন্ন অংগ গৃহৰক্ষী জোৱানসকলৰ কৰ্মদক্ষতা বহু সময়ত আমাৰ অগোচৰে ৰয়৷ আমাৰ চৰকাৰে তেওঁলোকৰ দৈনিক মজুৰি আঢ়ৈগুণ বৃদ্ধি কৰি ৭৬৭ টকা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ মই নিশ্চিত যে এই সিদ্ধান্তই তেওঁলোকৰ প্ৰাপ্য মৰ্যাদা প্ৰদান কৰাৰ লগতে ই তেওঁলোকৰ সন্তানৰ বাবে উন্নত শিক্ষা আৰু সুস্বাস্থ্যৰ পথ প্ৰশস্ত কৰিব৷ মই স্বীকাৰ কৰিছোঁ যে এই সিদ্ধান্ত গ্ৰহণ কৰি আমি তেওঁলোকক কোনোধৰণৰ অনুগ্ৰহ কৰা নাই, বৰঞ্চ মই অনুভৱ কৰোঁ যে এইক্ষেত্ৰত আমি তেওঁলোকৰ ওচৰত দীৰ্ঘকাল ঋণী আছিলোঁ৷

কাৰ্বি আংলঙৰ এগৰাকী গৃহৰক্ষী জোৱানৰ কথা মোৰ মনলৈ আহিছে, যি প্ৰলোভনমূলক উপঢৌকন অস্বীকাৰ কৰি দৃষ্টান্তমূলক সাহস আৰু সততাৰ পৰিচয় দি ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সহায় কৰিছিল৷ উক্তদিনাই সকলো বাধা অতিক্ৰম কৰি মই অসমত ড্ৰাগছৰ অবৈধ কাৰ্যকলাপ উৎখাত কৰাৰ ক্ষেত্ৰত মোৰ দৃঢ় সংকল্পৰ কথা পুনৰ এবাৰ দোহাৰিছিলোঁ৷ হয়, মই আৰু আমাৰ চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা আমাৰ কঠোৰ অভিযানৰ প্ৰসংগত বহু সমালোচনাৰ সন্মুখীন হৈছোঁ৷ তথাপি অসম আৰক্ষী আৰু অন্যান্য অংশীদাৰসকলৰ সহযোগত আমি ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত অপৰাধীৰ জীৱন দুৰূহ কৰি তুলিছোঁ৷ কেৱল পৰিসংখ্যা এই সফলতাৰ মাপকাঠী নহয়৷ যেতিয়া অসম আৰক্ষীৰ এগৰাকী কৰ্মীৰ দুচকুত এই দৃঢ় সংকল্পৰ প্ৰতিফলন দেখা পাওঁ, সেই সময়ত মই সুনিশ্চিত হওঁ যে ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে আমাৰ অভিযান যোগ্যসকলৰ কান্ধতে আছে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট
বিনোদন

অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট

May 7, 2026
কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক
জীৱনশৈলী

কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক

May 7, 2026
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!
জীৱনশৈলী

দক্ষিণ আৰু পশ্চিম দিশত শোৱে নেকি? হ’ব পাৰে PCOD ৰ লক্ষণ!

May 7, 2026
কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?
জীৱনশৈলী

কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

May 7, 2026
Next Post
সেইবাবেই খেলত পাৰফৰ্মেন্স বেয়া! ধৰ্ষণৰ অপৰাধত ছিডনীত গ্ৰেপ্তাৰ ক্ৰিকেটাৰ দানুষ্কা…

সেইবাবেই খেলত পাৰফৰ্মেন্স বেয়া! ধৰ্ষণৰ অপৰাধত ছিডনীত গ্ৰেপ্তাৰ ক্ৰিকেটাৰ দানুষ্কা...

অসহায় লোকৰ বাবে তেওঁ ভগৱান! হাত নথকা অসমৰ ৰাজু আলীক চনু চুদে লগাই দিলে দুয়োখন হাত…

অসহায় লোকৰ বাবে তেওঁ ভগৱান! হাত নথকা অসমৰ ৰাজু আলীক চনু চুদে লগাই দিলে দুয়োখন হাত...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.