অসম লাইভ২৪ঃ টি-২০ বিশ্বকাপৰ মাজতেই ছিডনীত গ্ৰেপ্তাৰ হ’ল শ্ৰীলংকাৰ ক্ৰিকেটাৰ দানুষ্কা গুণথিলকা। ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে দানুষ্কা। ছিডনীত শ্ৰীলংকাৰ দলটোক থাকিবলৈ দিয়া বিশেষ হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে দানুষ্কাক।
শ্ৰীলংকাৰ ক্ৰিকেট দলটোৰ এক সূত্ৰই প্ৰকাশ কৰা অনুযায়ী এগৰাকী মহিলাই দানুষ্কাৰ বিৰুদ্ধে উত্থাপিত কৰিছে ধৰ্ষণৰ অভিযোগ। মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিতেই গ্ৰেপ্তাৰ কৰা হৈছে ক্ৰিকেটাৰগৰাকীক। মাজনিশাই দানুষ্কাক গ্ৰেপ্তাৰ কৰিছে অষ্ট্ৰেলিয়া আৰক্ষীয়ে। গ্ৰেপ্তাৰৰ মাত্ৰ কেইটামান ঘণ্টাৰ পূৰ্বে ইংলেণ্ডৰ সৈতে টি-২০ বিশ্বকাপ খেলিছিল শ্ৰীলংকাৰ দলটোৱে।
অষ্ট্ৰেলিয়াৰ সংবাদপত্ৰ দ্যা অষ্ট্ৰেলিয়ান-ৰ খবৰ অনুযায়ী বিশ্বকাপ খেলিবলৈ আহি ২৯ বছৰীয়া মহিলাগৰাকীৰ সৈতে ঘনিষ্ঠ হৈ পৰিছিল দানুষ্কা। এটা ডেটিং এপৰ মাধ্যমেৰে দুয়োৰে মাজত বাৰ্তালাপ চলিছিল। তাৰ পিছতেই দানুষ্কাৰ বিৰুদ্ধে ছিডনীৰ এখন থানাত মহিলাগৰাকীয়ে ধৰ্ষণৰ গোচৰ ৰুজু কৰে।
উল্লেখ্য যে ধৰ্ষণৰ ঘটনাটো ঘটিছিল কেইদিনমান আগতেই। শ্ৰীলংকাৰ দলটোৱে ছিডনীৰ যিখন হোটেলত আছিল তাতেই আছিল মহিলাগৰাকীও। তাতেই এই ঘটনা সংঘটিত কৰিছিল ক্ৰিকেটাৰ দানুষ্কাই। বৰ্তমানো সঠিক তথ্য পোহৰলৈ অহা নাই যদিও আজিয়েই আদালতত হাজিৰ কৰোৱা হ’ব দানুষ্কাক বুলি এক সূত্ৰই প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ