অসম লাইভ২৪ঃ ৰেকৰ্ড তৈয়াৰ কৰিবলৈকে আল নাছেত যোগ দিছিল ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে। ৰেকৰ্ড দুৰৈৰে কথা হালধীয়া জাৰ্ছীত মেছত নামি প্ৰথমখন মেছতেই পৰাজয়বৰণ কৰে ৰোনাল্ডোৰ নতুন টীম আল নাছেই।
ছেমিফাইনেলত আল ইত্তিহাদৰ ওচৰত ৩-১ গলত ছিটিকি যায় আল নাছেৰ। প্ৰথমখন মেছৰ দৰে দ্বিতীয়খন মেছতো এটাও গল দিবলৈ সক্ষম নহ’ল ৰোনাল্ডোৱে। ছৌডি চুপাৰকাপত আৰম্ভণিৰে পৰাই বিফলতাৰ সন্মুখীন হৈছে ৰোনাল্ডো। মেছ দুয়োখনতে একাধিকবাৰ গল দিয়াৰ সুযোগ পাইয়ো গল দিব নোৱাৰিলে ৰোনাল্ডোৱে।
৩ ফেব্ৰুৱাৰীত ছৌডি প্ৰ’ লীগত আল ফাতেৰ বিৰুদ্ধে নামিব আল নাছেৰ। ইউৰোপত প্ৰায় সকলো কৃতিয়েই লাভ কৰিছে ৰোনাল্ডোৱে। ৩৭ বছৰ বয়সত এছিয়াৰ টীমত যোগ দিছে ৰোনাল্ডোৱে। ২০৩০ চনত ফুটবল বিশ্বত ছৌডি আৰৱৰ দলো থাকিব বুলি আশাবাদী ছৌডিৰ ক্লাব আল নাছেৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















