অসম লাইভ২৪ঃ বছৰৰ দ্বিতীয়টো মাহ৷ এই দ্বিতীয় মাহত বহুকেইটা ৰাশিৰ গ্ৰহ পৰিবৰ্তন হ’ব৷ সূূৰ্য, শুক্ৰ আৰু বুধৰ পৰিবৰ্তনৰ ফলত বিশ্ব-দেশ, ৰাজনীতি অৰ্থব্যৱস্থাক প্ৰভাৱিত কৰিব৷ জনজীৱনতো বিশেষ প্ৰভাৱ পৰিব৷ কোনে ৰাশিৰ কেনেকৈ যাব ফেব্ৰুৱাৰী মাহটো?
মেষঃ
ফেব্ৰুৱাৰী মাহত মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ ব্যৱসায়িক আৰু ব্যক্তিগত জীৱনত ভাৰসাম্য দেখা যাব৷ মনলৈ কিছু নতুন চিন্তা আৰু কৌশল আহিব৷ ইয়াৰ ফলত আপোনাৰ নিজৰ লক্ষ্যৰ নিচেই কাষত আহি পোৱাৰ অনুভৱ হ’ব৷ অন্তৰ্জ্ঞানো মজবুত হ’ব৷ কিছু কিছু বিষয়ত কঠোৰ সিদ্ধান্ত লোৱাৰো প্ৰয়োজন আছে৷ পৰিয়ালৰ কোনো সদস্যক লৈ আহুকালে দেখা দিব পাৰে৷ কিন্তু কূটনৈতিকভাৱে এই কঠিন সমস্যাৰ সমাধানত এই ৰাশিৰ জাতক-জাতিকাই পাৰদৰ্শিতা দেখুওৱাব পাৰিব৷
বৃষঃ
ফেব্ৰুৱাৰী মাহত বৃষ ৰাশিৰ জাতকসকলৰ আৰ্থিক পৰিস্থিতি উন্নত হ’ব৷ বিদেশী কোম্পানী বা বিদেশত কাম কৰিবলৈ যোৱাৰ সুযোগ পাব পাৰে৷ ৰাজনৈতিক পৰিবেশে প্ৰভাৱ পেলাব৷ বিৰোধীয়ে আপোনাৰ সন্মুখত পৰাস্ত হ’ব৷ পুৰণি ৰোগৰ পৰা মুক্তি পাব৷ এই মাহত পৰিয়ালৰ ভালপোৱাও বিশেষভাৱে লাভ কৰিব এই ৰাশিৰ লোকে৷ ইয়াৰোপৰি পৰিয়ালৰ লোকৰ সৈতে ভৱিষ্যতে কোনো কাম কৰাৰ সিদ্ধান্তও ল’ব পাৰে৷
মিথুন ৰাশিঃ
লাভ অৰ্জনৰ বাবে ফেব্ৰুৱাৰী মাহত মিথুন ৰাশিৰ জাতকসকলে নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে৷ এই মাহত মিশ্ৰ ফলাফল লাভ কৰিব এই ৰাশিৰ জাতকসকলে৷ লগ্নৰ বাবে সময় ভাল৷ এই সময়ত স্বাস্থ্যৰ ওপৰত বিশেষভাৱে নজৰ দিয়ক৷ নিৰ্ধাৰিত কাৰ্যক্ৰম অনুযায়ীহে কাম হাতত লওক৷ কোনো ভুল বুজাবুজিৰ কাৰণে পাৰিবাৰিক কষ্ট৷ কৰ্মক্ষেত্ৰত প্ৰতিকূল পৰিস্থিতিৰ মুখামুখি হ’ব পাৰে৷ মাতৃৰ স্বাস্থ্যৰ ওপৰত নজৰ ৰাখিব৷ অতি-আত্মবিশ্বাসীও নহ’ব৷
কর্কট ৰাশিঃ
কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে এই মাহত কাকোৱেই ঋণ নিদিব৷ নহ’লে ধাৰ দিয়া ধন ওভতাই নাপাব৷ অৰ্থৰ অপচয় নিয়ন্ত্ৰণ কৰিলে সাফল্য লাভ কৰিব৷ শিক্ষাৰ্থীসকলে পঢ়া-শুনাত সফলতা লাভ কৰিব৷ ইতিবাচক চিন্তাভাৱনা বৰ্তাই ৰাশিলে বহুসমস্যাৰেই সমাধান হ’ব৷
সিংহ ৰাশিঃ
সিংহ ৰাশিৰ জাতকসকলে ফেব্ৰুৱাৰী মাহত নতুন জ্ঞান অৰ্জন আৰু কৰ্ম কৌশল আয়ত্ব কৰিব পাৰিব৷ সম্পত্তি ক্ৰয়-বিক্ৰয়ৰ সম্ভাৱনা আছে৷ প্ৰেমত শুভ দেখা যায়৷ চাকৰিজীৱী সকলৰ বাবেও এই মাহটো শুভ৷ আৱেগিক হৈ কোনো সিদ্ধান্ত নল’ব৷ অহংকাৰ কমাওক৷ নিজৰ ব্যক্তিগত জীৱনত পাৰদৰ্শিতা অনাৰ চেষ্টা কৰিব পাৰে৷
কন্যা ৰাশিঃ
কন্যা ৰাশিৰ জাতকসকলৰ বাবে ফেব্ৰুৱাৰী মাহটো খুব বেছি অনুকূল নহয়৷ জীৱনসংগীৰ সৈতে মতভেদৰ সম্ভাৱনা৷ পৰিয়ালৰ কোনো সদস্যৰ কাৰণে সম্পৰ্কত ফাট মেলিব পাৰে৷ এই মাহত কোনো বিবাদত নোসোমাব৷ যিসকল লোকে আপোনাৰ ঈৰ্ষা কৰে তেওঁলোকক নজৰ নিদিব৷ ফেব্ৰুৱাৰী মাহত কৰ্মক্ষেত্ৰত বাধাৰ সৃষ্টি হ’ব পাৰে৷ কিন্তু নিজৰ বাকপটুতাৰ জোৰত এই সমস্যা সমাধান কৰিব পাৰিব৷
তুলা ৰাশিঃ
এই মাহত তুলা ৰাশিৰ জাতকসকলে মাটি সম্পত্তি সংক্ৰান্তীয় কাম সম্পূৰ্ণ কৰিব৷ নতুন ঘৰ নিৰ্মাণ কৰিব পাৰে৷ ব্যৱসায় গতি মসৃণেই থাকিব৷ নতুন বাহন কিনিব পাৰে৷ আপোনাৰ কামৰ প্ৰশংসা কৰিব৷ ফেব্ৰুৱাৰী মাহত তুলা ৰাশিৰ জাতকসকলৰ মান সন্মান বৃদ্ধি পাব৷
বৃশ্চিক ৰাশিঃ
এই ৰাশিৰ প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে ফেব্ৰুৱাৰী মাহটো অনুকূল প্ৰমাণিত হ’ব৷ কোনো পুৰণা বন্ধুৰ সৈতে দেখা হব পাৰে৷ ফলত যথেষ্ট লাভালাভ হ’ব৷ শিক্ষাৰ্থীসকলে পঢ়াত মনোনিৱেশ কৰক৷ বিবাহযোগ্য যুৱক-যুৱতীৰ ইচ্ছা পূৰণ হ’ব৷ ফেব্ৰুৱাৰী মাহত সন্তানৰ সমস্যাত পৰিব পাৰে৷ ব্যৱসায়ত ভাল ফলাফল পাব৷ খং আপোনাৰ ডাঙৰ শত্ৰু৷ সেয়ে খঙ কমাব৷
ধনু ৰাশিঃ
ধনু ৰাশিৰ জাতকসকলৰ বাবে ফেব্ৰুৱাৰী মাহত আয়ৰ নতুন উৎস প্ৰকাশ পাব৷ নিজৰ কাম-কাজত গাম্ভীৰ্য বৰ্তাই ৰাখক৷ গাম্ভীৰ্যতা বজাই ৰাখিলে আপোনাৰেই লাভ হ’ব৷ স্বাস্থ্যৰ যত্ন লওক৷ খোৱা-বোৱাতো বিশেষভাৱে যত্ন লওক৷ অযথা আইনী বিবাহ নবঢ়াব৷
মকৰ ৰাশিঃ
এই ৰাশিৰ জাতকসকলক ফেব্ৰুৱাৰী মাহত সাৱধানে থকাৰ পৰামৰ্শ দিছে জ্যোতিষ শাস্ত্ৰই৷ শত্ৰুৱে আপোনাৰ ক্ষতি কৰাৰ পৰিকল্পনা কৰিব পাৰে৷ জীৱনসংগীৰ সৈতে কোনো বাদ-বিবাদ হ’ব পাৰে৷ এই মাহত শত্ৰুসকলে গোপন ষড়যন্ত্ৰৰ বলি হ’ব পাৰে৷ সাফল্যৰ বাবে অধিক পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা আছে৷ পুৰণি বন্ধু লগ পাব পাৰে৷
কুম্ভ ৰাশিঃ
এই ৰাশিৰ জাতকসকলৰ ফেব্ৰুৱাৰী মাহটো আনন্দৰ হ’ব৷ ৰৈ থকা বহু কামে পূৰ্ণতা পাব৷ যিসকলে নতুন কামৰ সন্ধানত আছে তেওঁলোকৰ মনোবাঞ্চা পূৰণ হ’ব৷ পৰিয়ালত শান্তি থাকিব৷ কামত একাগ্ৰতা থাকিব৷ কৰ্মক্ষেত্ৰত উন্নতি হ’ব৷ আয় বৃদ্ধিৰো সম্ভাৱনা৷ জীৱনসংগীৰ সৈতে যাত্ৰাৰ যোগ৷
মীন ৰাশিঃ
মীন ৰাশি জাতকসকলে এই মাহত কোনো কাম কৰাৰ আগতে ভালধৰণে চিন্তা কৰি ল’ব৷ স্বাস্থ্যৰ যত্ন লওক৷ অন্যৰ ওপৰত বিশ্বাস নকৰিব৷ খাদ্যভাষত যত্ন দিয়ক৷ ব্যয় নিয়ন্ত্ৰণ কৰক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ