অসম লাইভ২৪ঃ যৌনতাক লৈ বিশেষ মন্তব্য কৰিছে এগৰাকী ফ্ৰান্সিছ পোপে। খ্ৰীষ্টিয়ান ধৰ্মগুৰুৰ মতে যৌনতাতকৈ সুন্দৰ একোৱেই হ’ব নোৱাৰে। বুধবাৰে ডিজনি প্ৰযোজনা সংস্থাৰ তৰফৰ পৰা ‘দ্যা পোপ আনচাৰ্ছ’ নামৰ এখন তথ্যচিত্ৰও মুক্তি পাইছে। এই তথ্যচিত্ৰত পোপ ফ্ৰান্সিছে যৌনতা আৰু গৰ্ভপাতক লৈ বিশদভাৱে আলোচনা কৰিছে। যৌনতা সম্পৰ্কে মুকলি মন্তব্য আগবঢ়াইছে ফ্ৰান্সৰ মুখ্য কেথলিক ধৰ্মযাজক পোপ ফ্ৰান্সিসে।
বিগত বৰ্ষত ৰোমৰ এক অনুষ্ঠানত এই বিষয়ে আলোচনা কৰিছিল পোল ফ্ৰান্সিছগৰাকীয়ে। সেই আলোচনাৰ কিছু অংশও তথ্যচিত্ৰখনত তুলি দিয়া হৈছে। তাতেই পোপ ফ্ৰান্সিছগৰাকীয়ে কৈছে, ‘যৌনতা এক সুন্দৰ বিষয়। মানৱ জীৱনত যদি ভগৱানে দিয়া কিবা অপূৰ্ব উপহাৰ আছে তেন্তে সেয়া হৈছে যৌনতা।’ স্বমেহনক লৈয়ো মন্তব্য কৰিছিল পোপগৰাকীয়ে। তেওঁ কৈছিল, ‘যৌনতাৰ ভাৱ প্ৰকাশ কৰাটো এক পবিত্ৰ কামেই। যদি কোনোৱে ইয়াৰ বিপৰীত ভাৱ প্ৰকাশ কৰে তেন্তে সেই পবিত্ৰতাক অসন্মান কৰা হয়।’
কেৱল যৌনতাক লৈয়েই নহয়। পৰ্ণ ইণ্ডাষ্ট্ৰী, তৃতীয় লিংগৰ ব্যক্তি এই সকলোবোৰক লৈয়েই মন্তব্য কৰিছে পোপ ফ্ৰান্সিছে। তৃতীয় লিংগৰ ব্যক্তিসকলক কেন্দ্ৰ কৰি তেওঁ কয়, ‘ সকলো ভগৱানৰেই সন্তান। ভগৱানেই সকলোৰে ৰক্ষাকৰ্তা। কাৰোবাক উপলুঙা কৰাৰ অধিকাৰ আমাৰ নাই।’
এয়াই প্রথম নহয়। পূৰ্বেও বহুবাৰ যৌনতাক লৈ আলোচনা কৰিছিল পোপ ফ্ৰান্সিছগৰাকীয়ে। আনহাতে পৰ্ণ ইণ্ডাষ্ট্ৰী কিমান ক্ষতিকৰ সেই বিষয়টোক লৈয়ো আলোচনা কৰিছে। পৰ্ণ ইণ্ডাষ্ট্ৰীক ‘ছয়তানৰ প্ৰৱেশদ্বাৰ’ বুলি উল্লেখ কৰিছে খ্ৰীষ্টিয়ান পোপগৰাকীয়ে। কেৱল সাধাৰণ লোকেই নহ. ধৰ্মযাজকসকলৰ মাজতো পৰ্ণ চোৱাৰ প্ৰৱনতা থকা বুলি স্বীকাৰ কৰিছে পোপ ফ্ৰান্সিছে। ইয়াৰোপৰি প্ৰাপ্তবয়স্কৰ বাবে তৈয়াৰ কৰা এপসমূহ বন্ধ কৰিবলৈকো আহ্বান জনাইছে পোপ ফ্ৰান্সিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















