অসম লাইভ২৪ঃ মুম্বাইত সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ তথ্য পোহৰলৈ অহাৰ পাছতেই দেশজুৰি চলিছে হত্যাকাণ্ডৰ চৰ্চা৷ মীৰা ৰোডৰ গীতা হাউছিং চছাইটিৰ ফ্লেট নম্বৰ ৭০৪ ত সংঘটিত হত্যাকাণ্ডই জোকাৰি গৈছে দেশ৷ প্ৰায় ৪ বছৰ ধৰি লীভ ইন ৰিলেশ্বনচিপত থাকি ৫৬ বছৰীয়া ব্যক্তিজনে ৩৬ বছৰীয়া প্ৰেয়সীক নৃশংসভাৱে হত্যা কৰিছে৷ কেনেকৈ বৰ্বৰভাৱে হত্যা কৰিলে শুনিলে গাৰ নোম শিয়ৰি উঠিব আপোনাৰো৷ নিজতকৈ ২০ বছৰে সৰু প্ৰেয়সীক পোনতে হত্যা কৰি দেহটো কাটাৰেৰে টুকুৰা টুকুৰা কৰিছিল৷ কেৱল টুকুৰা কৰাতেই শান্ত নাথাকি কুকাৰত সেই টুকুৰাসমূহ সিজাই কুকুৰকো খুৱাইছিল ৫৬ বছৰীয়া ব্যক্তিজনে৷
https://twitter.com/ANI/status/1666727881836466176?s=20
ঘটনাটো পোহৰলৈ অহাৰ পাছতেই হচকিত চুবুৰীয়া!
হত্যাকাণ্ড সংঘটিত কৰাৰ ৪ দিন পাছত যেতিয়া ফ্লেটটোৰ পৰা দুৰ্গন্ধ ওলাইছিল তেতিয়াই সন্দেহ প্ৰকাশ কৰি চুবুৰীয়াই আৰক্ষীক খবৰ দিয়ে৷ অভিযুক্ত মনোজ ছাহানীৰ এজন চুবুৰীয়াই এই সন্দৰ্ভত কয়, ‘ব্যক্তিজনে চুবুৰীয়াৰ সৈতে বৰ বেছি মাতবোল কৰা নাছিল৷ আমি ব্যক্তিজনৰ নামো নাজানো৷ সোমবাৰৰ পৰা আমাৰ ফ্লেটটো যিহেতু লগতেই সেয়ে এন্দুৰ মৰিলে ওলোৱা গোন্ধৰ দৰে গোন্ধ পাইছিলো৷ আমি ভাৱিবই পৰা নাছিলো মানুহ গেলাৰ দুৰ্গন্ধ বুলি৷ আমি টিভিতহে এনে কাহিনী দেখিছো৷’
আৰক্ষীয়ে ফ্লেটৰ পৰা মৃতদেহৰ খণ্ডিত অংশ উদ্ধাৰ কৰিছে৷ অভিযুক্ত মনোজ ছাহানীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ আৰক্ষীৰ জেৰাত অভিযুক্ত মনোজে এই হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰি লৈছে৷ মনোজে প্ৰকাশ কৰা অনুযায়ী তেওঁৰ লীভ ইনত থকা সংগীৰ সৈতে পাৰিবাৰিক কিছু মনোমালিন্য চলি আছিল৷ এই মনোমালিন্যৰ বাবেই সৰস্বতী নামৰ মহিলাগৰাকীক তেওঁ এনেদৰে হত্যা কৰা বুলিও প্ৰকাশ কৰে৷ হত্যাৰ পাছতেই মনোজে মৃতদেহটো টুকুৰা টুকুৰা কৰিবলৈ কেইবাদিনো সময় লৈছিল৷ কেইবাদিনো ধৰি মৃতদেহটো কাটি কাটি কুকাৰত সিজাই পোহনীয়া কুকুৰক খুৱাই আছিল৷ কিন্তু গৰমৰ বাবে ৰৈ যোৱা অংশবোৰ গেলিবলৈ ধৰে৷ আৰু দুৰ্গন্ধও বিয়পি পৰে৷
উল্লেখ্য যে, আৰক্ষীয়ে বিষয়টোক লৈ তদন্ত অব্যাহত ৰাখিছে৷ অভিযুক্ত মনোজক অধিক তথ্যৰ বাবে জেৰাও অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ মীৰা ৰোড হত্যাকাণ্ডৰ ওপৰত আৰক্ষীয়ে চলোৱা তদন্তত প্ৰকাশ পাইছে যে, অভিযুক্ত মনোজ আৰু সৰস্বতী বিগত ৯ বছৰ ধৰি ইজনে সিজনৰ সৈতে লীভ ইনত আছিল৷ হত্যাৰ দিনা, দুয়োৰে মাজত কাজিয়া হৈছিল আৰু তাৰ পিছত খঙত মনোজে সৰস্বতীক হত্যা কৰে। হত্যাৰ পিছত, সৰস্বতীৰ শৰীৰটো ৫-৬ টুকুৰাত কাটি পেলাই৷ কিন্তু প্ৰায় ৪ দিনৰ পিছত, ফ্লেটৰ পৰা দুৰ্গন্ধ ওলোৱাত, চুবুৰীয়াই আৰক্ষীক খবৰ দিয়ে৷ চুুবুৰীয়াৰ অভিযোগৰ ভিত্তিতেই আৰক্ষীয়ে মনোজৰ গ্ৰেপ্তাৰ কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















