অসম লাইভ২৪ঃ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যক লগ কৰিবলৈ হাস্পতাললৈ মমতা বেনাৰ্জী। সোমবাৰে বিয়লী বিধানসভাৰ পৰা বাহিৰে বাহিৰে আলিপুৰৰ বেচৰকাৰী হাস্পতালত উপস্থিত হৈছে মমতা বেনাৰ্জী। তাতেই চিকিৎসকৰ সৈতে বাৰ্তালাপত মিলিত হৈছে মমতা। বুদ্ধদেৱ ভট্টাচাৰ্যৰ স্বাস্থ্যৰ বুজ লৈছে মমতা বেনাৰ্জীয়ে। বুদ্ধদেৱ ভট্টাচাৰ্যক সোমবাৰে ইনভেছিভ ভেণ্টিলেছনৰ পৰা বাহিৰ কৰি অনা হৈছে। চিকিৎসকে জনোৱা অনুসৰি তেওঁক এতিয়া বাইপেপ চাপৰ্টত ৰখা হৈছে। স্বাস্থ্য পৰীক্ষাৰ ৰিপৰ্ট অনুসৰি তেওঁৰ শাৰীৰিক পৰিস্থিতি এতিয়া কিছু সুস্থিৰ। সোমবাৰে পুৱাই চিটি স্কেনৰ ৰিপৰ্টো প্ৰকাশ কৰিছে চিকিৎসকে। তাৰপাছতেই প্ৰাক্তন মুখ্যমন্ত্ৰীক ভেণ্টিলেছনৰ পৰা ওলিয়াই অনা হৈছে।
মেডিকেল বৰ্ডৰ এজন চিকিৎসকে কয়, প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যৰ তেজত চিআৰপিৰ পৰিমাণ কমিছে। তেজৰ সংক্ৰমণৰ মাত্ৰা পূৰ্বৰ তুলনাত কম। বুদ্ধদেৱ ভট্টাচাৰ্যৰ শাৰীৰিক অৱনতিক লৈ দেওবাৰৰ পৰাই অব্যাহত আছে চৰ্চা। সোমবাৰে ইনভেছিভ ভেণ্টিলেছনৰ পৰা বাহিৰলৈ অনাৰ পাছতেই বুদ্ধদেৱ ভট্টাচাৰ্যক বাইপেপ চাপৰ্টত ৰখা হৈছে। ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী নিউমনিয়াত আক্ৰান্ত বুলিও জনাইছে চিকিৎসকে। লাং ফাইব্ৰোছিছত আক্ৰান্ত হোৱাৰ বাবে চিকিৎসকে চিকিৎসা অব্যাহত ৰাখিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















